NORTHEAST NOW (Assamese)
অসম

কাইলে অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি বিশ্বনাথ জিলা প্ৰশাসনৰ

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ March 5, 2022 1:35 pm
Municipal election Biswanath

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়তো পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলিছে।

বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত আজি পুৱাৰে পৰা বিশ্বনাথ জিলা আৰক্ষী আৰু সাধাৰণ প্ৰশাসনে কাইলে অনুষ্ঠিত হবলগীয়া পৌৰ নিৰ্বাচনত যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা ব্যবস্থা সুনিশ্চিত কৰিবলৈ তৎপৰ হৈ পৰিছে।

ইতিমধ্যে বিশ্বনাথ জিলাৰ তিনিটা স্থানত অনুষ্ঠিত হবলগীয়া ভোটগ্ৰহণ কেন্দ্ৰলৈ আৰক্ষীৰ দল প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: সাময়িক যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

বিশ্বনাথ জিলাত পূৰ্বৰ পৰাই বিশ্বনাথ পৌৰসভা আৰু গহপুৰ পৌৰসভা আছিল যদিও এইবাৰ পোন প্ৰথমবাৰৰ বাবে চতিয়াত পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হব।

কিন্তু এই তিনিখন পৌৰসভাৰ অন্তৰ্গত কেবল গহপুৰৰ এটা স্থান স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে।

এই স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰক্ষীৰ বাহিৰেও অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে বুলি জানিবলৈ দিছে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই।