NORTHEAST NOW (Assamese)
অসম

পুলিবৰত অবৈধভাবে মাটি কঢ়িওৱা ট্ৰাক জব্দ

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক March 5, 2022 2:40 pm

যোৰহাট আঞ্চলিক বন বিষয়াৰ নেতৃত্বত অবৈধ বালি আৰু মাটি কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান অব্যাহত আছে l

শেহতীয়াকৈ চলোৱা অভিযানত বন বিভাগে এএছ০৩বিচি২৮৯০ আৰু এএছ ০৩ বিচি ২৪৩৩ নম্বৰৰ দুখন ট্ৰাক জব্দ কৰে।

মাটি ভৰ্তি ট্ৰাক দুখন মালৌ আলি আৰু পুলিবৰ অঞ্চলৰ পৰা জব্দ কৰে বন বিষয়াই l

মাটি-বালিৰ অবৈধ খননৰ বিৰুদ্ধে বন বিভাগৰ তীব্র অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে বন বিষয়াগৰাকীয়ে l

উল্লেখ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ অবৈধভাবে মাটি আৰু বালিৰ খনন অব্যাহত আছে।

বন বিভাগ আৰু আৰক্ষীয়ে বিভিন্ন স্থানত অবৈধ মাটি-বালি সৰবৰাহ কৰা বাহন আদি জব্দ কৰি আহিছে যদিও এতিয়াও বহু স্থানত এই বেহা চলিয়েই আছে।