NORTHEAST NOW (Assamese)
ক্ৰীড়া

স্বভাৱসিদ্ধ খেলেৰে ধুমুহাৰ গতিৰে ফাইনেলত প্ৰৱেশ মেৰী কমৰ

Posted by: এন ই নাও নিউজ April 11, 2018 12:40 pm
MaryKom_2

নিজৰ স্বভাৱসিদ্ধ খেলেৰে ছেমিত তিনিটা ৰাউণ্ডৰ আটাইকেইটাতে প্ৰতিজন বিচাৰকৰ পৰা ১০ ৰ ভিতৰত ১০কৈ লাভ কৰি কমনৱেলথ গেইমছৰ মহিলাৰ বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ বক্সিং ৰাণী, মণিপুৰৰ মেৰী কমে।

MaryKom

আজিৰ মহিলাৰ বক্সিঙৰ ৪৫-৪৮ কেজিৰ শাখাৰ ছেমি ফাইনেলত মেৰী কমে শ্ৰীলংকাৰ অনুশা দিলৰুক্ষীৰ বিৰুদ্ধে খেলিছিল। স্পষ্ট ব্যৱধানত মেৰীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীক আটাইকেইটা ৰাউণ্ডতে পৰাজিত কৰে। পাঁচজন বিচাৰকৰ ৰায় মেৰীৰ সপক্ষে ৫:০ হয়।

এতিয়া স্বৰ্ণ পদকৰ বাবে মেৰীয়ে ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ ক্ৰিষ্টিনা অ’ হাৰাৰ বিৰুদ্ধে নামিব, যিগৰাকীয়ে এসময়ত সন্মুখলৈ অহা ফুটবলাৰ হোৱাৰ সুযোগ উপেক্ষা কৰি বক্সাৰ হৈছিল।

ফাইনেল খেলখন অহা ১৪ এপ্ৰিলত অনুষ্ঠিত হ’ব।

আনহাতে আজি হোৱা মহিলা বক্সিঙৰ ৬০ কেজিৰ শাখাত মণিপুৰৰ চৰিতা দেৱী পৰাজিত হৈছে।