NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে জব্দ কৰিলে এটা বৃহৎ ওজনৰ গঁড়ৰ খৰ্গ

Posted by: এন ই নাও নিউজ, যোৰহাট Updated by: এন ই নাও নিউজ, যোৰহাট March 8, 2022 8:51 pm
Rhino horn seized

যোৰহাট পুলিবৰ আৰক্ষীয়ে আজি সন্ধিয়া বৃহৎ ওজনৰ এটা গঁড়ৰ খৰ্গ জব্দ কৰে l

পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় গঁড়ৰ খৰ্গটো।

ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক আটক কৰিছে।

আটক কৰা যুৱক দুজন হৈছে তিতাবৰৰ চুৰিয়া হাজৰিকা (৪২) আৰু আন এজন যুৱক হৈছে বুলোৰাম ভুঞা l

লগতে পঢ়ক: টংলা জলসিঞ্চন বিভাগৰ কোটিটকীয়া কেলেংকাৰী; গাণনিক বিষয়া প্ৰভাত কলিতাক গ্ৰেপ্তাৰ

খৰ্গটো বিক্ৰী কৰিবলৈ আনি পশ্চিম যোৰহাটৰ মহবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থাকোতেই পুলিবৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰে।

পুলিবৰ আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিয়ে l