NORTHEAST NOW (Assamese)
Popular Stories

অৰ্চনাৰ কেৰিয়াৰলৈ সংকট! পঞ্জাৱত সিদ্ধুৰ পৰাজয়ৰ পিছতে সামাজিক মাধ্যমত সৰস চৰ্চা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2022 8:48 pm
2021_10$largeimg_1385371939

পঞ্জাৱ বিধানসভা নিৰ্বাচনত নভজ্যোৎ সিং সিদ্ধু পৰাজিত হৈছে। ইপিনে, সামাজিক মাধ্যমত ট্ৰেণ্ডিং হৈছে অৰ্চনা পূৰণ সিং! পূৰ্বেও সিদ্ধুৰ সৈতে নাম সাঙোৰ খাই কেইবাবাৰো সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল অৰ্চনাই।

এইবাৰ পুনৰ আহিল চৰ্চালৈ। কিন্তু এই চৰ্চাৰ মূল উৎস হৈছে কপিল শৰ্মাৰ কমেডি শ্বো। সেয়া কেনেকৈ হ’ল সেই বিষয়ে জানিবলৈ কিছু উভতি চাব লাগিব।

এসময়ত কপিল শৰ্মাৰ শ্বোৰ বিশেষ অতিথিৰ আসনত বহিছিল নভজ্যোৎ সিং সিদ্ধু। দৰ্শকে তেওঁৰ ৰসিকতাত মুগ্ধও হৈছিল। এটাৰ পিছত এটাকৈ ‘শ্যায়েৰ’ গাই সকলোকে আপ্লুত কৰিছিল।

লগতে পঢ়ক: বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন অলিম্পিক পদক বিজয়ী লাভলিনাৰ; খেলিব অংকুশিতাইয়ো

তাৰমাজতে হঠাৎ কপিল শৰ্মাৰ শ্বো এৰি ৰাজনীতিলৈ ঢাপলি মেলে সিদ্ধু। তেওঁৰ সেই স্থান পূৰাবলৈ আহি সেই আসনত বহে অৰ্চনা পূৰণ সিং। সিদ্ধুৰ স্থানত বহি অৰ্চনায়ো জনপ্ৰিয়তা লাভ কৰিছে।

বৃহস্পতিবাৰে পঞ্জাৱ বিধানসভা নিৰ্বাচনত সিদ্ধুৰ পৰাজয়ৰ পিছতে পুনৰ সামাজিক মাধ্যমত অৰ্চনা পূৰণ সিং আৰু সিদ্ধুক চৰ্চাৰ মাজলৈ টানি আনিলে।

বহুতেই সামাজিক মাধ্যমত বিভিন্ন মিম শ্বেয়াৰ কৰি ৰসিকতা বিলালে। লগতে লিখিলে যে এইবাৰ অৰ্চনা আসন গ’ল! কিয়নো সিদ্ধু এইবাৰ ঘুৰি আহিব কপিল শৰ্মাৰ শ্বো-লৈ।

লগতে পঢ়ক:মোবাইল মেৰামতি দোকানৰ পৰা পঞ্জাৱ বিধানসভালৈ: প্ৰাক্তন মুখ্যমন্ত্ৰীক হৰুৱাই চমক চাফাই কৰ্মীৰ পুত্ৰৰ

ইয়াৰ পূৰ্বে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা সিদ্ধুৱে পদত্যাগ কৰাৰ সময়তো একেধৰণে অৰ্চনাকলৈ সামাজিক মাধ্যমত সৰস চৰ্চা চলিছিল।