NORTHEAST NOW (Assamese)
অসম

হাফলঙত ৰাজ্যপালৰ বৈঠকত প্ৰৱেশত বাধা; আৱৰ্ত ভৱন ত্যাগ ক্ষোভিত সাংবাদিকৰ

Posted by: পংকজ কুমাৰ দেব April 11, 2018 9:38 pm
Assam-Governor-Jagdish-Mukhi-in-Haflong

হাফলং আৱৰ্ত ভৱনত আজি ১১ এপ্ৰিলত দুঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ বৈঠকত প্ৰৱেশৰ অনুমতি নোপোৱাক লৈ প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে ডিমা হাচাও জিলাৰ সাংবাদিকসকলে। ৰাজ্যপালৰ অনুষ্ঠানত সংবাদ মাধ্যমক কৰা এনে ব্যৱহাৰক ‘দুৰ্ভাগ্যজনক’ বুলি মত প্ৰকাশ কৰিছে হাফলং প্ৰে’ছ ক্লাব ( Haflong Press Club )ৰ সভাপতি অনুপ বিশ্বাসে।

দুদিনীয়াকৈ হাফলং ভ্ৰমণলৈ যোৱা ৰাজ্যপাল মুখিয়ে আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিবৰ উপস্থিতিত জিলাখনৰ প্ৰত্যেক বিভাগৰে মুৰবীসকলৰে সৈতে এক বৈঠকত মিলিত হৈছিল। কিন্তু সেই পৰ্যালোচনা বৈঠকত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ প্ৰৱেশত বাধা দিয়া হয়। দিনৰ এঘাৰ বজাৰ পৰা এক বজালৈকে আৱৰ্ত ভৱনত ৰাজ্যপালক সাক্ষাৎ কৰাৰ বাবে অপেক্ষা কৰাৰ পিছত অধিকাংশ সংবাদকৰ্মীয়ে আৱৰ্ত ভৱন ত্যাগ কৰে।

ঘটনাটোত ক্ষোভ প্ৰকাশ কৰি সংবাদকৰ্মীসকলে প্ৰশ্ন তুলিছে যে বিভাগৰ কাম-কাজৰ পৰ্য্যালোচনা বৈঠকত এনে কি আলোচনা হৈছে য’ত সংবাদ মাধ্যমৰ প্ৰতিনিধি থাকিলে সমস্যা হ’ব পাৰে?

একাংশ সাংবাদিকে অভিযোগ কৰিছে যে সাংবাদিকক মাতি আনি অপদস্থ কৰাতো ডিমা-হাচাও জিলাত এটা অলিখিত নিয়মত পৰিণত হৈছে।