NORTHEAST NOW (Assamese)
উত্তৰ-পূব

শিলিগুড়িৰ পৰা আমদানি কৰা অজৈৱ শাক-পাচলি পুতিলে ছিকিমে

Posted by: সাগৰ চেত্ৰী April 11, 2018 9:54 pm
inorganic-vegetables-570x320

বুধবাবে ছিকিমৰ উদ্যান শস্য বিভাগে গেংটকৰ লালবজাৰ কেইখনমান দোকামৰ পৰা জব্দ কৰা অজৈৱ পদ্ধতিৰে উৎপাদিত শাক-পাচলি পুতি পেলাইছে। এই শাক-পাচলিখিনি শিলিগুড়িৰ পৰা অনা হৈছিল। নিষিদ্ধ এই শাক-পাচলিখিনি পূব ছিকিমৰ মাজহিতাৰত থকা উদ্যান শস্য বিভাগৰ চৌহদত পোতা হয়।

উললএখ্য যে কেইবিধমান তালিকাভুক্ত শাক-পাচলি আৰু ফল-মূল বাহিৰৰ পৰা আমদানিৰ ক্ষেত্ৰত ছিকিম চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

লালবাজাৰত উদ্যান শস্য বিভাগে অভিযান চলাই বিপুল পৰিমাণৰ শাক-পাচলি জব্দ কৰিছিল যিখিনিৰ আনুমানিক মূল্য প্ৰায় ২.৫ লাখ টকা।

বিভিন্ন দল সংগঠনে চৰকাৰৰ এই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে সৰৱ হৈ পৰি কৈছে যে এয়া চৰকাৰৰ উদ্দেশ্যধৰ্মী প্ৰচাৰ অভিযানৰ এটা অংশ।

উল্লেখ্য যে ছিকিমৰ স্থানীয় বজাৰত চাহিদা অনুপাতে যোগান কম হোৱা বাবে ছিকিম চৰকাৰে অজৈৱভাৱে উৎপাদন কৰা গাজৰ, বিলাহী আৰু সেউজীয়া জলকীয়াৰ ওপৰত থকা প্ৰতিবন্ধকতা আঁতৰাই দিছিল।

২৭ বিধ অজৈৱভাৱে উৎপাদিত কৃষিজাত আৰু উদ্যানশস্য জাত সামগ্ৰীৰ বিক্ৰি আৰু ক্ৰয় ১ এপ্ৰিলৰ পৰা বলৱৎ হোৱাকৈ ছিকিম চৰকাৰে নিষিদ্ধ কৰিছিল।