NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত সেনাৰ পুনৰ এনকাউণ্টাৰ: অচিনাক্ত সংগঠনৰ উগ্ৰপন্থী নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2022 11:09 am
Militant killed in Jammu and Kashmir

যোৱা কিছুদিন ধৰি জম্মু-কাশ্মীৰত অব্যাহত থকা সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযানৰ আন এক অংশ হিচাপে আজি পুলৱামা জিলাত এনকাউণ্টাৰত আন এজন সন্ত্ৰাসবাদী নিহত হৈছে।

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা উগ্ৰপন্থীজন কোন সংগঠনৰ সৈতে জড়িত এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

দক্ষিণ কাশ্মীৰ জিলাৰ অৱন্তীপোৰাৰ চাৰচু অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতি সম্পৰ্কে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তা ৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে লুকাই থকা উগ্ৰপন্থীসকলে সেনা বাহিনীৰ ওপৰত গুলী চালনা কৰাৰ পিছত সেনাইও গুলী চালনা কৰে।

“সেনাৰ এই প্ৰতি আক্ৰমণত এজন উগ্ৰপন্থী নিহত হয়।”- বিষয়াজনে কয়।