ভেৰগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ আদিবাসী ছাত্ৰ সন্থাৰ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ লোকসকলক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ উলিওৱাৰ ক্ষেত্ৰত অ’বিচি বোৰ্ডৰ পৰিৱৰ্তে চাহ জনজাতি জাতীয় সন্মিলনক চাহ জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে সদৌ আদিবাসী ছাত্ৰ সন্থাই আজি প্ৰতিবাদ সাৱ্যস্ত কৰে।
আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ দ্বাৰা ভেৰগাঁৱৰ শুক্লাইত কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ কৰা হয়।
লগতে পঢ়ক: চলিত সংসদৰ অধিৱেশনতে জনজাতিকৰণ কৰক -কোচ ৰাজবংশী জাতীয় পৰিষদ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে ৷
ওদালগুৰি জিলা আছাৰ নেতা বাবুল পাইক, প্ৰতাপ সিং গোড় আৰু ৰবিৰাম বাস্কেৰ নেতৃত্বত কেইবা শতাধিক ছাত্ৰ-কৰ্মীয়ে প্ৰতিবাদত অংশ লয়।
প্ৰতিবাদকাৰীসকলে আদিবাসী জনগোষ্ঠীৰ লোকসকলক চাহ জনগোষ্ঠীৰূপে প্ৰমানপত্ৰ প্ৰদানৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।
লগতে পঢ়ক:ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান ভাৰতীয় ন্যায়াধীশৰ
হিমন্ত বিশ্ব শৰ্মা আৰু ৰনোজ পেগু বিৰোধী শ্লোগান দি প্ৰতিবাদকাৰীসকলে ডিমাকুছিৰ শুক্লাইৰ আকাশ-বতাহ কঁপাই তোলে৷