NORTHEAST NOW (Assamese)
অসম

মাজুলীত ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ: অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2022 3:38 pm
Rap in Majuli

মাজুলী জিলাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক এগৰাকী ইলেক্ট্ৰিচিয়ানে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ধৰ্ষণৰ গোচৰত অভিযুক্ত সুনীল পাটিৰ নামৰ ব্যক্তিজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত সুনীল পাটিৰে কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰে।

ভুক্তভোগী কিশোৰী গৰাকী ঘৰত অকলে থকাৰ উমান পাই অভিযুক্ত পাটিৰ কিশোৰীগৰাকীৰ ঘৰলৈ যায় আৰু তাইৰ মুখ ঢাকি তাইক ধৰ্ষণ কৰিছিল বুলি এজন আৰক্ষী বিষয়াই উল্লেখ কৰিছে।

ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীয়ে সহায়ৰ বাবে চিঞৰ মৰাত ওচৰ-চুবুৰীয়াসকলে চিৎকাৰ শুনি ঘটনাস্থলীত উপস্থিত হয় আৰু পাতিৰক আটক কৰে।

স্থানীয় লোকে পিছত ধৃত পাটিৰক আৰক্ষীৰ হাতত গতাই দিয়ে।

জেৰাৰ সময়ত অভিযুক্ত পাটিৰে অপৰাধ স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।