NORTHEAST NOW (Assamese)
অসম

সন্ত্ৰাসবাদীৰে সম্পৰ্ক আছে কাশ্মীৰ ফাইলছৰ নিৰ্মাতাৰ! বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্যত জোকাৰণি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2022 7:27 pm
Jitenram Majhi on Vivek Agnihotri

সন্ত্ৰাসবাদীৰে সম্পৰ্ক আছে কাশ্মীৰ ফাইলছৰ নিৰ্মাতাৰ! বিবেক অগ্নিহোত্ৰীৰ কাশ্মীৰ ফাইলছ চিনেমাখন এটা ষড়যন্ত্ৰও হ’ব পাৰে। এনেদৰে এটা চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতেন ৰাম মাঝীয়ে।

মাঝীয়ে টুইট কৰে যে কাশ্মীৰী ব্ৰাহ্মণসকলে যাতে কাশ্মীৰলৈ উভতি যাব নোৱাৰে, তাৰ বাবেই হয়তো সন্ত্ৰাসবাদীবিলাকে গভীৰ ষড়যন্ত্ৰ কৰিছে। আৰু এই ষড়যন্ত্ৰৰ অংশস্বৰূপেই কাশ্মীৰ ফাইলছ নিৰ্মাণ কৰা হৈছে, যাতে এটা আতংকৰ পৰিৱেশ সৃষ্টি হয়।

নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে চিনেমাখন কৰমুক্ত ঘোষণা কৰাৰ পাছতে মাঝীয়ে এই বক্তব্য আগবঢ়াইছে।

লগতে পঢ়ক: মহাত্মা গান্ধী কোন? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত যি ক’লে সেয়া মানি ল’ব পাৰিনে?

লক্ষ্যণীয়ভাৱে মাঝীৰ দল হিন্দুস্তানী আৱাম মৰ্চা বিজেপিৰেই এটা মিত্ৰ দল। তেনে পৰিস্থিতিত বিজেপিৰ এক মিত্ৰই এইদৰে মন্তব্য কৰাটো তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

আনকি বিবেক অগ্নিহোত্ৰীসহিতে চিনেমাখনৰ সকলো কলা-কুশলীকে জেৰা কৰিবলৈও মাঝীয়ে দাবী জনাইছে।