NORTHEAST NOW (Assamese)
অসম

নিজ ডেফেলী দৌল মহোৎসৱৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানত অঘটন, লংকা কাণ্ড

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ March 19, 2022 2:38 pm
Tamulpur Holi cultural night vandalised

তামুলপুৰৰ জোকমাৰী নিজ-ডেফেলী মিলন দৌল মন্দিৰ প্ৰাংগণত শুকুৰবাৰে নিশা অঘটন ঘটে। সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এদল যুৱক উপস্থিত হৈ লংকা কাণ্ডৰ সৃষ্টি কৰে।

দৌল মহোৎসৱৰ ৫০ বছৰ পূৰ্তি উপলক্ষে ১৭মাৰ্চৰ পৰা ২২মাৰ্চলৈ ছয়দিনীয়া কাৰ্যসূচীৰে ৫১সংখ্যক জোকমাৰী নিজ ডেফেলী মিলন দৌল মহোৎসৱ আৰু সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছিল।

উক্ত অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী সুকলমে চলি আছিল আৰু দিনৰ ভাগৰ অনুষ্ঠানসমূহ শান্তিপূৰ্ণ ভাবে সামৰণি পৰে। কিন্তু নিশা চলি থকা সংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত হঠাতে অথন্তৰ ঘটে।

সাংস্কৃতিক অনুষ্ঠানৰ সময়তে এটা যুৱকৰ দলে তাত উপস্থিত হৈ দৌল মহোৎসৱৰ সামগ্ৰীসমূহ ভাঙি ছিঙি লণ্ড ভণ্ড কৰে।

লগতে পঢ়ক: অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ এখনত প্ৰাৰ্থী হ’ব ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰী

ঘটনাৰ সময়ত তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষী সেই স্থানত দায়িত্বত মোতায়েন আছিল।

কিন্তু আৰক্ষী মোতায়েন থকাৰ পিছতো এই ভয়াবহ ঘটনা কেনেদৰে হ’বলৈ পালে তাকলৈ প্ৰশ্ন উত্থাপিত হৈছে।

সম্প্ৰতি সমগ্ৰ জাৰকোনা অঞ্চলটোত উত্তেজনাই বিৰাজ কৰি আছে।