NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা: স্বামীৰ মৃত্যু, পত্নীৰ অৱস্থা সংকটজনক

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ March 20, 2022 12:23 pm

কলিয়াবৰত ঘটিছে  এক ভয়াৱহ পথ দুৰ্ঘটনা ।

কলিয়াবৰৰ কুঠৰী নজানত ঘটিছেএই দুৰ্ঘটনা।

ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ঘটে এজন লোকৰ।

নিহত লোকজন গোলাঘাটৰ শিলডুবিৰ হালধিবাৰীৰ অতুল জেনা।

এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে অতুল জেনাৰ পত্নী লিনা ৰংফাৰপী।

অতুল জেনা পেছাত এজন শিক্ষক আছিল। ৰাজপথত স্কুটীখন মহতিয়াই পথৰ ওপৰতে বাগৰি পৰে ট্ৰাকখন।

ট্ৰাকখনৰ নম্বৰ- এছ ২১ চি ১৭৯১ আৰু স্কুটীখনৰ নম্বৰ- এএছ ০৫ জি ১৩৩০।

আহত লিনা ৰংফাৰপীক অতি সংকটজন অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

সৰবৰহী শিক্ষকগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।