NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ বিহু সমিতিলৈ আৰক্ষী আয়ুক্তৰ নিৰ্দেশনা : মণ্ডপত লাগিব চিচিটিভি, নিষেধ মাদক দ্ৰব্য সেৱন

Posted by: এন ই নাও নিউজ April 12, 2018 6:55 pm

অসমবাসীৰ গাত বিহু লগাৰ পৰতে গুৱাহাটী মহানগৰৰ বিহু সমিতিসমূহলৈ বিহুমেলা আয়োজনক লৈ নিৰ্দেশনা দিছে আৰক্ষী আয়ুক্ত হীৰেন নাথে।

বিহুমেলাত নিৰাপত্তা সুনিশ্চিত কৰা বিশেষকৈ নাৰীজনিত অপৰাধ ৰোধৰ বাবে আৰক্ষী আয়ুক্ত নাথে আজি ১২ এপ্ৰিলত গুৱাহাটীৰ বিহু সমিতিসমূহক বিহু মণ্ডপত চিচিটিভি কেমেৰা লগোৱাৰ বাবে আহ্বান জনাইছে।

আনহাতে ‘বিহু মণ্ডপৰ চৌপাশে নিচাজাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব’ বুলি জানিবলৈ দি আয়ুক্তগৰাকীয়ে কয় যে প্ৰশাসনে বান্ধি দিয়া সময় অনুসৰি গুৱাহাটীৰ সুৰাৰ বিপণিসমূহ বন্ধ হ’‍ব লাগিব।

বিহুমেলাসমূহত হোৱা ব্যাপক জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি বিহু মণ্ডপসমূহ আহল-বহল ঠাইত আয়োজন কৰাৰ বাবেও আয়ুক্তগৰাকীয়ে আহ্বান জনায়।