NORTHEAST NOW (Assamese)
অসম

কাৰ ষড়যন্ত্ৰত নীৰৱে উচুপিছে শুৱালকুছিৰ শিপিনীয়ে?

Posted by: কল্পজ্যোতি শইকীয়া,জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া,জাহ্নৱী বৰুৱা, গুৱাহাটী March 23, 2022 6:21 pm

বস্ত্ৰনগৰী শুৱালকুছিয়ে আজি বিনাইছে।

ভাৰত বিখ্যাত বস্ত্ৰনগৰী আজি কি অৱস্থাত আছে আপুনি জানেনে?

বস্ত্ৰনগৰীত আজি স্তব্ধপ্ৰায় বহু তাঁতশাল।

শুৱালকুছিৰ বহু তাঁতশালৰ সেই পৰিচিত খিটিক খিট-খটলক খট শব্দ যেন হঠাৎ নাইকিয়া হৈ আহিছে।
কাল অমানিশাই গো-গ্ৰাসে গিলিব ধৰিছে অসমৰ এটি পৰম্পৰাক! নীৰৱে উচুপিছে তাঁতশালত সপোন ৰচা বহু শিপিনীয়ে! সময়ৰ সোঁতত যেন বিলীন হ’ব খুজিছে শিপিনীৰ মুখৰ হাঁহি!

কিন্তু কিয় এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বস্ত্ৰনগৰী শুৱালকুছিত?

পাটৰ বা মুগাৰ এসাজ পিন্ধিলে সোণত সুৱগা চৰায়।আপুনি বা মই বজাৰলৈ ওলাই গ’লে বহু বিপনীত পাত মুগাৰ কাপোৰ গ্ৰাহকৰ মনোগ্ৰাহীকৈ সজাই থোৱা নিশ্চয়কৈ দেখা পাওঁ। সেইসমূহত লুকাই থাকে এইসকল শিপিনীৰ কঠোৰ শ্ৰম তথা চেষ্টাৰ ফচল। বিয়া-সবাহ থাকিলেতো কথাই নাই… কইনাৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ জিয়ৰী-বোৱাৰীসকলে পাতৰ বা মুগাৰ সাজ কাপোৰ এযোৰ নিপিন্ধিলে নহয়। বহাগত বিহু মাৰিবলৈ মুগাৰ সাজ এজোৰ নহ’লেই নহয়।

কিন্তু আপুনি মই পিন্ধি ভাল পোৱা সেই পাতৰ কাপোৰ তৈয়াৰ কৰি ওলোৱা তাঁতশাল সমূহ কিয় বন্ধ কৰি ৰাখি থব লগীয়া হৈছে জানেনে? কাৰণ মাত্ৰ দুটা।

প্ৰথম সূতাৰ নাটনি,দ্বিতীয় অতিৰিক্ত হাৰত পাট-মুগা সূতাৰ মূল্য বৃদ্ধি।
মুকলি বজাৰ বা য়াৰ্ণ বেংকত দাম বেছিকৈ দিলেহে পোৱা যায় সূতা।

শুৱালকুছিৰ শিপিনী সকলে বৰ্ণনা কৰা অনুসৰি তেওঁলোকে অধিক মূল্য দিলেহে সূতা ক্ৰয় কৰিব পাৰে। বস্ত্ৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সূতাৰ নাটনিত বন্ধ হৈ ৰয় তাঁতশাল সমূহ। স্তব্ধ হৈ পৰে শিপিনীৰ মৰমৰ মাঁকো।

যিবোৰ সূতাৰ দাম আগতে ৫০০০ টকা আছিল…কিন্তু এতিয়া সেই সূতাৰ মূল্য ৭০০০ টকাৰ পৰা পৰা ৯৫০০ টকা পৰ্য্যন্ত হৈছেগৈ বুলি শুৱালকুছিৰ দোকানীয়ে উল্লেখ কৰে।

ইপিনে, সুতাৰ প্ৰকৃততে নাটনিৰ কথা স্বীকাৰ কৰে
women’s indian chambers of commerce and Industy (WICCI) assam handlome council ৰ সভানেত্ৰী চাহিন হুছেইনেও। সূতাৰ মূল্য বৃদ্ধি পোৱাৰ বাবে ঘৰুৱাভাৱে কাপোৰ প্ৰস্তুত কৰাত শিপিনীসকল যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি মন্তব্য চাহিন হুছেইনৰ। কিছু উদ্যোগে বাংগালুৰুৰ পৰা অহা সূতা থিতাতে ক্ৰয় কৰি লোৱাৰ বাবে সাধাৰণ শিপিনীসকল সমস্যাৰ সন্মুখীন হোৱা বুলি সন্দেহ প্ৰকাশ কৰে হুছেইনে।

তেওঁ কয় যে ” সূতাৰ নাটনিৰ ক্ষেত্ৰত তেওঁ অৱগত তথা সূতাৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ শিপিনীসকল।”

ইপিনে, সূতাৰ দাম বৃদ্ধি হোৱাৰ বা সূতাৰ নাটনিৰ সন্দৰ্ভত আমি
অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক পৰাগমণি মহন্তক সোধাত তেওঁ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে। অৱশ্যে য়াৰ্ণ বেংকত সূতাৰ মূল্য বৃদ্ধি পোৱা বুলি তথা সূতাৰ কেতিয়াবা নাটনি হোৱা বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে উল্লেখ কৰে যে বিগত বছৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে NHDCক ৭ কোটি টকাৰ বিনিময়ত ১৩০০০ কেজি ‘মালবেৰী য়াৰ্ণ’ তেওঁলোকে ক্ৰয় কৰিছে। লগতে ২০২১ চনৰ তুলনাত য়াৰ্ণ বেংকত যদি সূতাৰ মূল্য আছিল ৩৭৫০ টকা সেই সূতাৰ মূল্য বৃদ্ধি হৈ এতিয়া ৫৮৫০ টকা হৈছেগৈ।

লক্ষ্যণীয় কথা এয়ে যে শুৱালকুছিৰ থলুৱা শিপিনী সকলে প্ৰয়োজন সাপেক্ষে বা বিচৰা পৰিমাণে সূতা লাভ কৰাৰ পৰা বঞ্চিত হয়। কিয়নো অসাধু কিছুসংখ্যক লোকে বিভিন্ন পথ অৱলম্বন কৰি অত্যাধিক পৰিমাণৰ সূতা ক্ৰয় কৰা বুলি অভিযোগ নুঠা নহয়। যাৰ ফলত প্ৰকৃত শিপিনীসকলে বিচৰা ধৰণে সূতা লাভৰ পৰা বঞ্চিত হয়।

ইয়াৰোপৰি, যদিহে কোনো অসাধু চক্ৰই চলে বলে কৌশলে সূতা য়াৰ্ণ বেংকৰ পৰা ক্ৰয় কৰে বা থলুৱা শিপিনীসকলে লাভ কৰিবলগীয়া সূতা পূৰ্বতে কোনোৱে হস্তগত কৰে…. তেনে সমস্যাসমূহ দূৰ কৰিবলৈ চৰকাৰৰ সংশ্লিষ্ট বিভাগক কেতবোৰ পৰামৰ্শ আগবঢ়াইছে WICCI ৰ সভানেত্ৰী চাহিন হুছেইনে।

তেওঁ কয় ” যদিহে সূতাৰ নাটনিৰ আঁৰত কিছু ষড়যন্ত্ৰ আছে তেনেহলে আমি য়াৰ্ণ বেংকৰ পৰা সূতা ক্ৰয় কৰা লোক সকলৰ বাবে এটিএমৰ দৰে এখন চিপ থকা কাৰ্ড তৈয়াৰ কৰিব পাৰো, যাৰ ফলত কোনে, কিমান সূতা লৈছে সকলো ওলাই পৰিব।”

এইবোৰ দিশ পৰ্য্যালোচনা কৰি প্ৰশ্ন উত্থাপিত হৈছে যে শিপিনীসকলে অসম চৰকাৰৰ য়াৰ্ণ বেংকৰ পৰা সঁচাকৈয়ে সুলভ মূল্যত সূতা লাভ কৰে নে ?নে সূতা ক্ৰয় কৰাৰ সময়ত সূতাৰ মূল্যৰ ক্ষেত্ৰত শিপিনীৰ মূৰত মাধমাৰ শোধোৱা হয় ? সূতাৰ মূল্যবৃদ্ধিৰ বাবেই বৃদ্ধি হৈছে নেকি পাট-মুগা কাপোৰৰ মূল্য?

২০১৬ চনৰ ১৯ অক্টোবৰত গুৱাহাটীৰ বিলাসী হোটেল তাজ ভিভান্তাত পোখা মেলা এতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ‘গল্ডেন থ্ৰেড’ নামৰ এক প্ৰতিষ্ঠানে বৰ্তমানো প্ৰসাৰতা লাভ কৰি আছে ।

প্ৰশ্ন হয় যে যদিহে সঁচাকৈয়ে য়াৰ্ণ বেংকত সাধাৰণ শিপিনীৰ বাবে সূতাৰ নাটনি হৈছে, তেনেস্থলত কেনেকৈ ইমান সুন্দৰকৈ আগ বাঢ়িছে ৰিণিকি ভূঞা শৰ্মাৰ এই প্ৰতিষ্ঠানটো?নে ‘ৰাজ পৰিয়াল’ৰ হোৱা হেতুকে তেওঁলোকৰ কাৰণে কৰবাত মজুত আছে বৃহৎ সূতাৰ ভাণ্ডাৰ।

এই প্ৰশ্নৰ আধাৰত শুৱালকুছিৰ কিছু শিপিনীয়ে বিষয়টোকলৈ সন্দেহ নকৰাও নহয়।
তেওঁলোকে কয় যে যদিহে আমাৰ দৰে ৰিণিকি ভূঞা শৰ্মাৰো একেই অৱস্থা হৈছে তেনেহলে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে যেন তেওঁলোকক সহায় কৰে।

সূতাৰ দাম বৃদ্ধিৰ আঁৰৰ ৰহস্য কি?সূতাৰ দাম বৃদ্ধি তথা নাটনিৰ আঁৰত আছে নেকি কিবা ৰাজনৈতিক ষড়যন্ত্ৰ?নে ক’লা ধন বগা কৰিবলৈ কোনোবাই অধিক হাৰত সূতা কিনি ৰাখি সূতাৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে!

শুৱালকুছিৰ শিপিনীসকলৰ পাট-মুগা সূতাৰ নাটনিৰ সন্দৰ্ভত আমি হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগত যোগাযোগ কৰিছিলোঁ যদিও তেখেতৰ ব্যক্তিগত সহায়কে তেওঁ ব্যস্ত থকা বুলি উল্লেখ কৰে ।সেয়েহে তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল’ব পৰা নগল। তিনি চাৰিবাৰ সম্পৰ্ক স্থাপন কৰিও তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল’ব নোৱাৰিলে আমাৰ সাংবাদিকে।

বহু তাঁতশাল এতিয়া স্তব্ধপ্ৰায়…. নীৰৱে উচুপিছে থলুৱা বস্ত্ৰ উৎপাদনকাৰী শিপিনীসকলে।সকলোৰে মনত এটাই প্ৰশ্ন
ভাৰত বিখ্যাত বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহ্য এনেকৈয়ে শেষ হৈ যাব নেকি?
সময়ৰ সোঁতত বিলীন হ’ব নেকি শুৱালকুছিৰ পাট-মুগাৰৰ মাদকতা? এনেবোৰ সমস্যাৰ সমাধান কৰি এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিবা পদক্ষেপ ল’ব নে?যদিহে সূতাৰ মূল্যবৃদ্ধিয়ে শিপিনীৰ জীৱনলৈ সংকট নমাই আনে তেনেহলে এনে এক বিখ্যাত শিল্প হেৰাই যোৱাৰ উপক্ৰম হ’ব।