NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদলৈ ভয়! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে আবদ্ধ কৰিছে টেট উত্তীৰ্ণ শিক্ষকক

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 24, 2022 10:09 am

টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই।

আজি ৰাজ্যৰ প্ৰায় কুৰি হাজাৰ টেট শিক্ষকে তেওঁলোকৰক প্ৰাপ্যৰ দাবীত গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী হাতত লৈছে।শিক্ষকৰ এনে প্ৰতিবাদী কাৰ্যসূচীত স্বাভাৱিকতে শংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ।

সেই প্ৰতিবাদলৈ অহা শ শ টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্যৰ বিভিন্ন প্ৰান্ত আৰক্ষীয়ে আবদ্ধ কৰাৰ খবৰ আহিয়েই আছে।

টেট উত্তীৰ্ণ শিক্ষকৰ ‘গুৰু-গৰ্জন’ কাৰ্যসূচী বিফল কৰাৰ বাবেই এনেদৰে শিক্ষকসকল বিভিন্ন স্থানত ৰখাই দিয়া হৈছে।

কেৱল সেয়াই নহয়, মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে গঢ়ি তুলিছে পানী নসৰকা নিৰাপত্তা বেহু।

উল্লেখ্য সৰ্বশিক্ষা কৰ্তৃপক্ষৰ সৈতে টেট উত্তীৰ্ণ শিক্ষকৰ আলোচনা ব্যৰ্থ হোৱাৰ পৰিণতিতে টেট শিক্ষকসকলে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

পূৱ খাৰিজা বিজনী হাইস্কুলৰ শিক্ষক ৰত্ন প্ৰসাদ শৰ্মাই ‘নৰ্থ ইষ্ট নাও’ক জনোৱা মতে আজি বৰপেটা ৰে’ল ষ্টেছনত আৰক্ষীয়ে যাত্ৰীসকলক বাচি বাচি বিভিন্ন প্রশ্ন কৰে আৰু প্ৰতিবাদলৈ অহা বুলি জনাৰ পিছতে তেনে যাত্ৰীক ৰে’লৰ পৰা নমাই দিয়ে।

শিক্ষক ৰত্ন প্ৰসাদ শৰ্মাকো আৰক্ষীয়ে ৰে’লৰ পৰা নমাই দিয়া বুলি শিক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে।

তেখেতক আজিৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব নিদিবৰ বাবে বৰপেটাৰ’ড ৰেলৱে আৰক্ষীয়ে ৰেলৱে ষ্টেচনত আৱদ্ধ কৰি ৰাখিছিল যদিও এই মুহূৰ্তত তেওঁ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে।

পল্টনবজাৰ ৰেলৱে ষ্টেচনত ৰে’লযোগে অহা শিক্ষক সকলকো ৰখাই থোৱাৰ খবৰ আহিছে।

ধেমাজী,লক্ষীমপুৰৰ পৰা অহা শিক্ষককো আৰক্ষীয়ে বাছৰ পৰা নমাই দিয়াৰ খবৰ পোৱা গৈছে।