NORTHEAST NOW (Assamese)
অসম

পাঁচ দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য, কিমান বাঢ়িল?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 26, 2022 5:15 pm
petroldiesel_3

দেশত অন্যান্য অত্যৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ লোকৰ জীৱন দুৰ্বসিহ হৈ পৰিছে। দেশত পাঁচ দিনৰ ভিতৰত আজি চতুৰ্থ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য ।

দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৯৮.৬১ টকা আৰু ডিজেলৰ মূল্য ৮৯.৮৭ টকা হ’ব৷

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আজি প্ৰতি লিটাৰত ৮০ পইচাকৈ বৃদ্ধি কৰা হৈছে। এয়া বিগত পাঁচ দিনৰ ভিতৰত চতুৰ্থবাৰৰ বাবে কৰা বৃদ্ধি।

কলকাতা, বেংগালুৰু, চেন্নাই, হায়দৰাবাদকে ধৰি দেশৰ আগশাৰীৰ চহৰসমূহতো পেট্ৰ’লৰ মূল্য অত্যধিক হাৰত বৃদ্ধ পাইছে।

মুম্বাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১১৩.৩৫ টকা।

আনহাতে, দিল্লীত ই ৯৮.৬১ টকা চুইছেগৈ।

কলকাতাত পেট্ৰ’ল লিটাৰে প্ৰতি ১০৮.০১ টকা. চেন্নাইত ১০৪.৪৩ টকা হৈছে।

গুৱাহাটীত পেট্ৰ’ল লিটাৰত ৯৮.১২ টকা হৈছে। এই মূল্যৰ সৈতে আজি পুনৰ ৮০ পইচা যোগ হ’ব।