NORTHEAST NOW (Assamese)
অৰুণাচল

গ্ৰাফিটি শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিলে অৰুণাচল আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2022 9:12 am
WhatsApp Image 2022-03-28 at 8.37.23 AM

গ্ৰাফিটি শিল্পী তথা সামাজিক কৰ্মী নীলিম মহন্তক ইটানগৰৰ ‘সম্প্ৰীতিৰ দেৱাল’ (Wall of Harmony) ত অংকন কৰা বান্ধ বিৰোধী গ্ৰাফিটিৰ (দেৱালত চিত্ৰ অংকন) বাবে অৰুণাচল আৰক্ষীয়ে তেওঁৰ লখিমপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

ইটানগৰ আৰক্ষীৰ এটা দল লখিমপুৰত থকা তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক ইটানগৰ আৰক্ষী থানালৈ লৈ যায়।

সূত্ৰ অনুসৰি, দিবাঙত নিৰ্মাণ কৰা বান্ধৰ প্ৰতিবাদত গ্ৰাফিটি আঁকিবলৈ নীলিমক অৰুণাচল প্ৰদেশলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

লগতে পঢ়ক: কেমেৰাৰ সন্মুখতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ, যুৱকক গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ৫৭০০০ মেগা বান্ধৰ সৈতে সম্পৰ্কিত এক প্ৰতিবাদৰ সন্দৰ্ভত গ্ৰাফিটিটো আছিল।

অৱশ্যে অৰুণাচল আৰক্ষীয়ে নীলিমক কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেয়া জনোৱা নাই।

এক সূত্ৰই কয় যে ইটানগৰৰ সচিবালয় ভৱনৰ দেৱালত এটা কলা প্ৰকল্প-‘সম্প্ৰীতিৰ দেৱাল’ত গ্ৰাফিটি অংকন কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

লগতে পঢ়ক: অথলে গ’ল ডুপ্লেচি-কোহলিৰ দুৰ্দান্ত প্ৰদৰ্শন; বিশাল ৰাণৰ লক্ষ্য অনুসৰণ কৰি পঞ্জাৱৰ বিৰাট জয়

স্থানীয় সংগঠনসমূহে তেওঁৰ তাৎক্ষণিক মুক্তি দাবী কৰি কয় যে নীলিমক অৰুণাচলৰ স্থানীয় লোকে গ্ৰাফিটি আঁকিবলৈ আমন্ত্ৰণ জনাইছিল আৰু তাৰ বাবে তেওঁক আনকি মাননিও দিয়া হৈছিল।