NORTHEAST NOW (Assamese)
অসম

গ্ৰাফিটি শিল্পী নীলিম মহন্তক জামিন প্ৰদান অৰুণাচল আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2022 4:43 pm
Neelim Mahanta

যোৱা দেওবাৰে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসমৰ জনপ্ৰিয় গ্ৰাফিটি শিল্পী নীলিম মহন্তক আজি জামিন প্ৰদান কৰিছে অৰুণাচলৰ আদালতে।

উল্লেখ্য যে গ্ৰাফিটি শিল্পী তথা সামাজিক কৰ্মী নীলিম মহন্তক ইটানগৰৰ ‘সম্প্ৰীতিৰ দেৱাল’ (Wall of Harmony) ত অংকন কৰা বান্ধ বিৰোধী গ্ৰাফিটিৰ (দেৱালত চিত্ৰ অংকন) বাবে অৰুণাচল আৰক্ষীয়ে তেওঁৰ লখিমপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

সূত্ৰ অনুসৰি, দিবাঙত নিৰ্মাণ কৰা বান্ধৰ প্ৰতিবাদত গ্ৰাফিটি আঁকিবলৈ নীলিমক অৰুণাচল প্ৰদেশলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ৫৭০০০ মেগা বান্ধৰ সৈতে সম্পৰ্কিত এক প্ৰতিবাদৰ সন্দৰ্ভত এই গ্ৰাফিটিটো অংকন কৰা হৈছিল।

নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল। সামাজিক মাধ্যমতো শিল্পী গৰাকীৰ মুক্তিৰ দাবীত জনমত গঢ়ি উঠা দেখিবলৈ পোৱা গৈছিল।