NORTHEAST NOW (Assamese)
অসম

ষড়যন্ত্ৰৰ পাকচক্ৰত পৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পৰা বঞ্চিত হৈছে চৰাইদেউ মৈদাম!

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ March 30, 2022 8:22 am
Charaideo Maidam

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ সপোন সপোন হৈয়ে ৰ’ব। চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী ঢালিছে এটা চক্ৰই।

এই গুৰুতৰ তথ্য সদৰি কৰিছে চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়ে।

শিৱসাগৰৰ অডিঅ’ চিটি কনফাৰেন্স হলত এক সংবাদমেলযোগে মংগলবাৰে এই শংকা প্ৰকাশ কৰে কমিটিৰ সভাপতি ড° জীতেন বৰপাত্ৰগোঁহাই আৰু সদস্য ড° জাকিৰুল আলমে।

“চুকাফাৰ সৈতে তাই খামটিলৈকে মুঠ ৭ জন ৰজাই ১৩৭ বছৰ ৰাজত্ব কৰিছিল। বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে জনোৱা আবেদনৰ লগত যি প্ৰামাণিক তথ্য দিয়া হৈছে তাত এই ৭ জন ৰজাৰ মৈদাম অন্তৰ্ভুক্ত হোৱা নাই।”- সংবাদ মেলত এই অভিযোগ কৰে ড° জীতেন বৰপাত্ৰগোঁহায়ে।

“কেৱল ইমানেই নহয়, গড়গাঁও ৰাজধানী কালত থকা ৰজাসকলৰ বেছি সংখ্যক ৰজাৰ মৈদাম dossier ত উল্লেখ নাই। চাওলুং চুকাফাৰ মৈদামেই ইয়াত অন্তৰ্ভুক্ত হোৱা নাই। অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে dossier ত অন্তৰ্ভুক্ত কৰা নাই এই তথ্য।”— তেওঁ লগতে কয়।

এনেদৰে অধিকাংশ ৰজাৰ মৈদাম DOSSIER ত অন্তৰ্ভুক্ত নোহোৱা বাবেই চৰাইদেউ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশা নিৰ্বাপিত হ’বলৈ ধৰিছে বুলি কমিটিয়ে ক্ষোভ প্ৰকাশ কৰে।

চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰিবলৈ এটা চক্ৰই ষড়যন্ত্ৰ কৰা বাবেই মৈদাম অধ্যয়নৰ বিশেষজ্ঞ সকলক বৰ্তমান জৰীপ আৰু আলোচনা কালত এলাগি কৰা হৈছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়।