NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাৰ নিৰ্বাচন আৰু প্ৰাসংগিক প্ৰশ্ন: ‘নৰ্থইষ্ট নাও’ৰ বিশেষ আলোচনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2022 9:06 pm

ৰাজ্যসভা নিৰ্বাচনকলৈ আজি ‘নৰ্থ ইষ্ট নাও’ত এটা বিশেষ আলোচনা অনুষ্ঠান সম্পন্ন হৈ যায়। বিশিষ্ট বুদ্ধিজীৱী ৰণেন কুমাৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত ভাগ লয় নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্ত, ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম আৰু বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে।

নিজৰ মতামত ব্যক্ত কৰি অধ্যাপক ডঃ দত্তই কয় যে মূলসুঁতিৰ ৰাজনীতিত বৰ্তমান মূল্যবোধ-আদৰ্শৰ কোনো স্থান নোহোৱা হৈছে, কেৱল ক্ষমতা লাভৰ বাবেই ৰাজনীতি কৰা হৈছে। জনকল্যাণৰ বিপৰীতে সমগ্ৰ ব্যৱস্থাটো এতিয়া দৰ-দামৰ ভিত্তিত চলি থকা বুলি তেওঁ কয়।

ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলামে কয় যে এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মূল্যবোধৰ ৰাজনীতি কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছত থাকোতে ডঃ শৰ্মাই হৰ্ছ ট্ৰেডিঙৰ আশ্ৰয় লোৱাৰ দৰে এইবাৰ বিজেপিতো তেওঁ হৰ্ছ ট্ৰেডিঙ কৰা বুলি ইছলামে অভিযোগ কৰে।

অধিবক্তা শান্তনু বৰঠাকুৰে কয় যে বৰ্তমান নীতি-মূল্যবোধক বিসৰ্জন দি যিকোনো প্ৰকাৰে বিজয়ী হৈ অহাজনকে বৰ্তমান চাণক্য বুলি কোৱা হয়। তেনেস্থলত এক সুস্থ নিৰ্বাচনৰ আশা কৰিব পৰা নাযায় বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে।

নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী তথা লেখক পৰেশ মালাকাৰে প্ৰশ্ন কৰে যে এনেধৰণৰ কিনা-বেচাৰ মাধ্যমেৰে ৰাজ্যসভাৰ দৰে উচ্চ সদনলৈ যোৱা এগৰাকী সাংসদে সদনত কি ভূমিকা পালন কৰিব?

আটাইকেওজন বুদ্ধিজীৱীয়ে ভাগ লোৱা অতি মনোগ্ৰাহী অনুষ্ঠানটো প্ৰায় এক ঘণ্টা জুৰি চলে।