বৰ্ণাঢ্য কাৰ্যসূচীৰ সদৌ অসম ঘাঁচী সমাজৰ দুদিনীয়া অধিৱেশনৰ সামৰণি

ঐক্য সংহতিৰ ধ্বজাবাহক চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ সদস্য ভুক্ত ঘাঁচী সমাজৰ দুদিনীয়াকৈ অনুষ্ঠিত যোৰহাট জিলাৰ দ্বিতীয় পঞ্চম বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে l
যোৰহাট জিলাৰ জঁটকীয়া চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ঘাঁচী সমাজৰ দ্বিতীয় পঞ্চম বাৰ্ষিক অধিৱেশনত বাৰে ৰহণীয়া শোভাযাত্ৰাৰ লগতে চাহ জনগোষ্ঠীৰ আদিবাসীৰ পৌৰাণিক সাংস্কৃতিক সমলৰ প্ৰদৰ্শনী দেখা পোৱা যায় l

বহু হাজাৰ লোকৰ উপস্থিতিত উদ্যোক্তা সকলে ঘাঁচী সমাজৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে উপেক্ষিত সকলক মাটিৰ পট্টা, জনজাতিকৰণ আৰু শিক্ষা-স্বাস্থ্য আদিৰ ওপৰত সংবিধানক অধিকাৰ দি জাতিটোক সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ চৰকাৰক দাবী জনায় l