NORTHEAST NOW (Assamese)
অসম

সত্ৰ-নামঘৰ-কীৰ্তনঘৰত সংঘটিত চুৰিকাণ্ডৰ প্ৰতিবাদত বৰপেটা সত্ৰৰ দালানত ধৰ্মঘট

Posted by: পুলেন্দ্ৰ দাস, বৰপেটা Updated by: পুলেন্দ্ৰ দাস, বৰপেটা April 6, 2022 12:43 pm
Barpeta Satra

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি এক নজিৰবিহীন ঘটনা দেখিবলৈ পোৱা গৈছে৷ বৰপেটা সত্ৰৰ পুৰুষ-মহিলা সকলো ভকতে আজি নাম প্ৰসংগ এৰি গ্ৰহণ কৰিছে ধৰ্মঘট কাৰ্যসূচী।

বৰপেটা চহৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ সত্ৰ-নামঘৰ-কীৰ্তনঘৰ আদিত সঘনাই সংঘটিত চুৰিকাণ্ডৰ ঘটনাৰ প্ৰতিবাদত আজি বৰপেটা সত্ৰৰ দালানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ধৰ্মীয় অনুষ্ঠান সমূহৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত বৰপেটা সত্ৰৰ সমূহ ভকতে সত্ৰৰ দালানৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

পুৱা ১০ বজাৰ পৰা দুঘন্টীয়াকৈ ৰূপায়ন কৰা এই ধৰ্মঘটৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ ধৰ্মঘট কাৰ্যসূচীত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, ভকত, আই মাতৃসকলে অংশগ্ৰহণ কৰে৷

ধৰ্মীয় অনুষ্ঠান সমূহৰ সুৰক্ষা প্ৰদানত চৰকাৰ-প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি সত্ৰ, নামঘৰ আৰু কীৰ্তনঘৰৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায় প্ৰতিবাদত নমা ভকত সকলে৷