NORTHEAST NOW (Assamese)
Popular Stories

ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ বিষয়ে আমি কিমান জানো? কেইটা সন্তানৰ পিতৃ পুটিন?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 7, 2022 7:56 am

ৰাছিয়াৰ সৰ্বশক্তিমান শাসক ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ তথ্য বৰ বেছিকৈ প্ৰচাৰ হোৱা নাই। আমেৰিকা, ব্ৰিটেইন আদি দেশৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ পৰিয়ালৰ বিষয়ে বিশ্বই জানে যদিও পুটিনৰ পৰিয়ালৰ কথা বিশ্বৰ খুব কম সংখ্যক লোকেহে জানিবলৈ সক্ষম হৈছে। পুটিনে আনকি ৰাজহুৱা স্থানত তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে উপস্থিত থকাও দেখা নাযায়।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ পৰিয়ালৰ তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত হৈ আহিছে। ২০১৫ চনত পুটিনে এখন সংবাদমেলত কৈছিল—’মোৰ ছোৱালী দুজনীয়ে ৰাছিয়াতে বাস কৰে আৰু ৰাছিয়াতেই অধ্যয়ন কৰিছে, মই তেওঁলোকক লৈ গৌৰৱান্বিত,” পুটিনে লগতে কৈছিল যে তেওঁৰ কন্যা দুগৰাকীয়ে তিনিটা বিদেশী ভাষা সাবলীলভাৱে ক’ব পাৰে। পৰিয়ালৰ বিষয়ে অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকি পুটিনে সেই সময়ত কৈছিল— মই কেতিয়াও মোৰ পৰিয়ালৰ বিষয়ে কাৰো সৈতে আলোচনা নকৰো। প্ৰতিজন ব্যক্তিৰে তেওঁলোকৰ নিজৰ ভাগ্য নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে, তেওঁলোকে সন্মানজনক ভাবে জীৱন যাপন কৰি আছে”।

পুটিনে নিজৰ কন্যা দুগৰাকীৰ নাম ৰাজহুৱা নকৰিলেও বহুতেই তেওঁলোকৰ বিষয়ে কমকৈ হ’লেও জানে।
আমেৰিকা যুক্তৰাষ্ট্ৰই শেহতীয়াকৈ বিভিন্ন পৰ্যায়ৰ নিষেধাজ্ঞা জাৰি কৰা পুটিনৰ দুই কন্যা হৈছে ৩৬ বছৰীয়া মাৰিয়া ভোৰোণ্টছোভা আৰু ৩৫ বছৰীয়া কেটৰিনা টিখোনোভা।

মাৰ্কিন চোৰাংচোৱা সংস্থাসমূহে কৈ আহিছে যে পুটিনে পৰিয়ালৰ সদস্যসকলৰ নামত বহু বেনামী সম্পত্তি ৰাখিছে।
মাৰিয়া ভোৰোণ্টছোভা আৰু কেটৰিনা টিখোনোভা,দুয়োগৰাকীয়েই ৰাষ্ট্ৰপতি পুটিন আৰু তেওঁৰ প্ৰাক্তন পত্নী লিউডমিলাৰ কন্যা। পুটিনে লিউডমিলাৰৰ সৈতে ১৯৮৩ চনত বিবাহপাশত আৱদ্ধ হৈছিল । সেই সময়ত লিউডমিলাৰ এগৰাকী বিমান পৰিচাৰিকা আছিল আৰু পুটিন আছিল ৰাছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবিৰ এজন বিষয়া।

৩০ বছৰ ধৰি লিউডমিলাৰৰ সৈতে সুখেৰে চলিছিল পুটিনৰ সংসাৰ।

অৱশ্যে ২০১৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

বিবাহ বিচ্ছেদৰ প্ৰসংগত পুটিনে কৈছিল “এইটো এটা যৌথ সিদ্ধান্ত আছিল: আমি ইজনে সিজনক খুব কমেই দেখা পাওঁ, আমাৰ প্ৰত্যেকৰে নিজা জীৱন আছে”।

লিউডমিলাৰেও কৈছিল—” মই নিজৰ কামত সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছো”। তেওঁলোকৰ জ্যেষ্ঠ কন্যা মাৰিয়া ভোৰোণ্টছোভাৰ জন্ম হৈছিল ১৯৮৫ চনত। তেওঁ ছেইণ্ট পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়ত জীৱবিজ্ঞান আৰু মস্কো ষ্টেট ইউনিভাৰ্চিটিত ঔষধি বিজ্ঞান অধ্যয়ন কৰিছিল। পুটিনৰ কন্যা ভোৰোণ্টছোভা এতিয়া এগৰাকী শিক্ষাবিদ।
তেওঁ শিশুৰ বিকাশৰ গতি হ্ৰাস হোৱাৰ বিষয়ত এখন কিতাপ লিখিছে।

তেওঁ বৰ্তমান মস্কোৰ এণ্ডোক্ৰিনোলজী গৱেষণা কেন্দ্ৰত গৱেষক হিচাপে কাম কৰি আছে। ভোৰোণ্টছোভাই নেদাৰলেণ্ডৰ ব্যৱসায়ী জৰিট জুষ্ট ফাছেনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। জৰিট জুষ্ট ফাছেনে এসময়ত ৰাছিয়াৰ বৃহত্তম তৈল কোম্পানী গেজপ্ৰমত কাম কৰিছিল। সম্প্ৰতি অৱশ্যে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছে।

পুটিনৰ আন এগৰাকী কন্যা কেটৰিনা টিখোনোভা বহু পৰিমাণে সাধাৰণ জনতাৰ সৈতে মিলি যাব বিচৰা স্বভাৱৰ ব্যক্তি।
ৰক এন’ ৰোল নৃত্যশিল্পী হিচাপে তেওঁ বহুতৰে মাজত জনপ্ৰিয়। তেওঁ ২০১৩ চনত এক আন্তৰ্জাতিক সংগীত অনুষ্ঠানত পঞ্চম স্থান লাভ দখল কৰিছিল। সেই বছৰটোতেই কেটৰিনা টিখোনোভা ৰাষ্ট্ৰপতি পুটিনৰ এগৰাকী দীৰ্ঘদিনীয়া বন্ধুৰ পুত্ৰ কিৰিল শ্বামালভৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

কেটৰিনা টিখোনোভা এতিয়া শিক্ষা আৰু ব্যৱসায়ৰ সৈতে জৰিত হৈ আছে। পুটিনৰ নাতি-নাতিনীও আছে। পুটিনে ২০১৭ চনত এটা ফোন-ইন অনুষ্ঠানত সেই কথা উল্লেখ কৰিছিল। সেই সময়তে পুটিনে কৈছিল—’মোৰ নাতি-নাতিনীৰ বিষয়ে ক’ম, এজন নাৰ্চাৰী স্কুলত আছে। মই নিবিচাৰো যে তেওঁলোকে কোনো ৰাজকুমাৰৰ দৰে ডাঙৰ হওক। মই বিচাৰো তেওঁলোক সাধাৰণ মানুহৰ দৰে ডাঙৰ হওক”।