NORTHEAST NOW (Assamese)
Popular Stories

একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2022 7:45 pm
WhatsApp Image 2022-04-07 at 7.09.26 PM

এক মৰ্মান্তিক ঘটনা। এজাক কুকুৰৰ আক্ৰমণত মৃত্যু হ’ল এটি আঠ বছৰীয়া শিশুৰ। কুকুৰ জাকৰ পৰা পাঁচ বছৰীয়া ভনীয়েকক বচাবলৈ গৈয়েই প্ৰাণ হেৰুৱালে মহম্মদ হাইদৰ নামৰ শিশুটিয়ে। লক্ষ্ণৌৰ ঠাকুৰগঞ্জৰ মুচাহিবগঞ্জৰ ঘটনা এয়া।

বুধবাৰে নিজৰ ঘৰৰ বাহিৰত ওলাই হাইদৰ আৰু তাৰ ভনীয়েক জন্নতে ৰাস্তাত খেলি আছিল। তেনে সময়তে প্ৰায় ২০টাতকৈয়ো অধিক কুকুৰে একেলগে আক্ৰমণ চলায়। চাৰিওপিনৰ পৰা তেওঁলোকক কুকুৰৰ জাকটোৱে ঘেৰি ধৰে।

ভনীয়েককলৈ পলোৱাৰ কোনো সুযোগে নাপালে হাইদৰে। তেতিয়ালৈকে দুয়োজনৰে ওপৰত কুকুৰৰ দলটোৱে আক্ৰমণ আৰম্ভ কৰি দিয়ে। হাইদৰে নিজে আক্ৰমণত ক্ষতবিক্ষত হৈ পৰে যদিও ভনীয়েকক দুবাহুৰে আৱৰি ধৰি ৰাখে। তেওঁৰ চিঞৰ শুনি চুবুৰীয়া লোকসকল ঘটনাস্থলীলৈ দৌৰি আহে।

লগতে পঢ়ক: বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ

চুবুৰীয়াসকলে ভাতৃ-ভগ্নী দুজনকে উদ্ধাৰ কৰে যদিও দুজনেই গুৰুতৰভাৱে আহত হয়। ততাতয়াকৈ তেওঁলোকক স্থানীয় হাস্পাতাললৈ লৈ যোৱা হয় যদিও হাস্পাতালত চিকিৎসকে হাইদৰক মৃত বুলি ঘোষণা কৰে। সংকটজন অৱস্থাত জন্নতক হাস্পাতালত ভৰ্তি কৰা হয়।

এই ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্য বিয়পি পৰে। বহুদিন ধৰি ৰাস্তাৰ কুকুৰবোৰ সন্ত্ৰাসৰ কাৰণ হৈ আহিছে। স্থানীয় লোকে লক্ষ্ণৌ পৌৰনিগমত অভিযোগ দাখিল কৰিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। হাইদৰৰ মৃত্যুৰ পিছত পৌৰনিগমখনৰ ছয় নম্বৰ মণ্ডলৰ বিষয়াসকলৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ আনি পৰিয়ালে থানাত গোচৰ দাখিল কৰিছে।