NORTHEAST NOW (Assamese)
দেশ

পোখৰণত এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2022 8:08 pm
Anti-Tank Guided Missile ‘HELINA’

পোখৰণত আজি দেশৰ উচ্চ ক্ষমতাৰ এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ কৰা হয়।

দেশত নিৰ্মিত এখন হেলিকপ্টাৰৰ পৰা এই মিছাইলটো উৎক্ষেপণ কৰা হৈছিল। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO), ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বিজ্ঞানীৰ এটা দলে যুটীয়াভাৱে এই পৰিক্ষণ পৰিচালনা কৰিছিল।

ভাৰতৰ এই বিশেষ মিছাইলটোক বিশ্বৰ আটাইতকৈ উন্নত এণ্টি-টেংক অস্ত্ৰ হিচাপে চিহ্নিত কৰা হৈছে।

DRDO- ৰ জ্যেষ্ঠ সেনা কমাণ্ডাৰ আৰু জ্যেষ্ঠ বিজ্ঞানীসকলে এই পৰীক্ষণ প্ৰত্যক্ষ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সাফল্যৰ বাবে DRDO আৰু ভাৰতীয় সেনাক অভিনন্দন জনাইছে।