NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত বৃহৎ পৰিমাণৰ নকল সোণ জব্দ, এজনক আটক

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ April 12, 2022 7:55 pm
fake gold seized

বিশ্বনাথৰ বিহালীত কালি প্ৰায় ৬০ কিলোগ্ৰাম নকল সোণ জব্দ কৰিছে বৰগাঙ আৰক্ষীয়ে।

নিশা বৰগাঙ আৰক্ষীয়ে চলাই থকা তালাচীৰ সময়ত এখন তীব্ৰ গতিৰে আহি থকা বগা ৰঙৰ এল্ট’ বাহন আৰক্ষীৰ বেহু ফালি পলাই যায়।

তীব্ৰ গতিৰে পাৰ হৈ যোৱা বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজাত বাহনখনৰ পিছ লয়। কিছুদূৰ যোৱাৰ পিছত বাহনখন ধৰিবলৈ সক্ষম হয় আৰক্ষী।

ইয়াৰ পিছতে আৰক্ষীয়ে গাড়ীখনৰ তালাচী চলাই গাড়ীৰ ভিতৰৰ পৰা ৬০ কিলোগ্ৰাম নকল সোণ উদ্ধাৰ কৰে।

গাড়ীখন জব্দ কৰাৰ লগতে ইয়াৰ লগত জড়িত এজন ব্যক্তিক আটক কৰিছে বৰগাঙ আৰক্ষীয়ে।

আটক কৰা ব্যক্তিজনৰ নাম হাছিনুৰ ৰহমান বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে এ এছ ০৭ টি ১৫৪৫ নম্বৰৰ এই বাহনখন লখিমপুৰৰ পৰা নগাঁও অভিমুখে গৈ আছিল।