NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াৰ আক্ৰমণত কেৱল খাৰকিভতে মৃত্যু হৈছে পাঁচশৰো অধিক সাধাৰণ নাগৰিকৰ: দাবী স্থানীয় গভৰ্ণৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 15, 2022 11:59 am
Russia-Ukraine war

চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধই অতিক্ৰম কৰিলে ৪৫ টা দিন। ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত ইউক্ৰেইনৰ পূব খাৰকিভ অঞ্চলত কমেও ৫০৩ জন সাধাৰণ নাগৰিক নিহত হৈছে। এই দাবী কৰিছে চহৰখনৰ গভৰ্ণৰে।

গভৰ্ণৰ ওলেগ চাইনেগুবভে সামাজিক মাধ্যম টেলিগ্ৰামত দিয়া এটা পোষ্টত লগতে দাবী কৰে যে মৃতসকলৰ ভিতৰত ২৪ টা শিশু আছিল।

চাইনেগুবভে কৈছিল যে ৰাছিয়াৰ বাহিনীয়ে খাৰকিভত ৩৪ টা ৰকেট আৰু আৰ্টিলাৰী আক্ৰমণ চলাইছিল।

প্ৰায় ১.৫ নিযুত জনসংখ্যা থকা খাৰকিভ ইউক্ৰেইনৰ দ্বিতীয় খন বৃহৎ চহৰ। এই চহৰখন ৰাছিয়াৰ সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত অৱস্থিত।

মস্কোৰ বাবে খাৰকিভ দখল এক গুৰুত্বপূৰ্ণ লক্ষ্য আছিল যদিও ইউক্ৰেইন সেনাৰ অপ্ৰতিৰোধ্য যুঁজাৰু ক্ষমতাৰ ওচৰত হাৰ মানি চহৰখন দখল কৰাত ব্যৰ্থ হয় ৰাছিয়ান সেনা।