NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ! প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2022 7:46 am

নতুনকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে এইবাৰ কাশ্মীৰ প্ৰসংগকলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ পঠিয়াইছে। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে শ্বাহবাজক শুভেচ্ছা জনোৱাৰ পিছতে শনিবাৰে কূটনৈতিক সূত্ৰৰ জৰিয়তে ভাৰতলৈ এই পত্ৰ প্ৰেৰণ কৰা হয়।

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে পত্ৰত লিখিছে যে ভাৰত আৰু পাকিস্তাৰ মাজত শান্তিপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক জৰুৰী। দেশবাসীৰ আৰ্থ সামাজিক বিকাশ তথা এই অঞ্চলৰ উন্নয়নৰ বাবে এইটো প্ৰয়োজন। এইটো একমাত্ৰ অৰ্থপূৰ্ণ আলোচনা আৰু শান্তিপূৰ্ণ অৱস্থানৰ জৰিয়তেহে সম্ভৱ।

লগতে পঢ়ক: নগাঁও জিলাৰ চামগুৰিৰ হদহদী জলপ্ৰপাতত দুই যুৱকৰ সলিল সমাধি

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে জম্মু-কাশ্মীৰৰ অমীমাংসিত সমস্যাসমূহৰ উপৰি আন সমস্যাও সমাধানৰ প্ৰয়োজন। ‘আহক শান্তি নিশ্চিত কৰোঁ আৰু দেশ দুখনৰ দেশবাসীৰ উন্নতি তথা সমৃদ্ধিৰ বাবে কাম কৰোঁ।‘

শ্বাহবাজে পত্ৰখনত উল্লেখ কৰিছে, ‘সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে আমাৰ দেশৰ আত্মত্যাগ তথা অৱদান সকলোৱেই জানে আৰু সেয়া আন্তৰ্জাতিকভাৱেও স্বীকৃত।‘

উল্লেখ্য যে যোৱা ১১ এপ্ৰিলত সংসদত প্ৰথম ভাষণ দিয়েই কাশ্মীৰৰ প্ৰ সংগ উত্থাপন কৰিছিল শ্বাহবাজ শ্বৰিফে। তেওঁ কৈছিল,’ আমি ভাল সম্পৰ্ক বিচাৰো। কিন্তু কাশ্মীৰ সমস্যা সমাধান নোহোৱালৈকে শান্তি দীৰ্ঘস্থায়ী হ’ব নোৱাৰে।‘

লগতে পঢ়ক:ওৰাঙৰ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত ৬০ বছৰীয়া লোককে ধৰি ২৯ দম্পতিৰ ৰাজহুৱা বিবাহ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা,বোৱাৰী,নাতি-নাতিনী

ইয়াৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রী মোদীয়ে টুইট কৰি লিখিছিল, ‘ভাৰতে শান্তি বিচাৰে। সন্ত্ৰাসমুক্ত হোৱাটো বিচাৰে যাতে আমি দেশবাসীৰ সুখ আৰু সমৃদ্ধি চাব পাৰো।‘