NORTHEAST NOW (Assamese)
অসম

চতুৰ্থ ঢৌ: দেশত বিগত ২৪ ঘণ্টাত কিমান লোক আক্ৰান্ত হ’ল কোভিডত ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 21, 2022 2:06 pm

কোভিডৰ চতুৰ্থ ঢৌৱে এতিয়া কোবাই গৈছে সমগ্ৰ দেশকে।

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া কালান্তক কোভিডে পুনৰ মূৰ দাঙি উঠিছে।

বিগত ২৪ ঘণ্টাত দেশত ২,৩৮০ গৰাকী লোক নতুনকৈ কৰোনা ভাইৰাছ সংক্ৰমণৰ বলি হৈছে।

ইয়াকেলৈ কোভিডত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ৪,৩০,৪৯,৯৭৪ লৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ১৩,৪৩৩ লৈ বৃদ্ধি পাইছে।

কোভিডত আক্ৰান্ত হৈ ভাৰতত এতিয়ালৈকে ৫,২২,০৬২ গৰাকী লোকে মৃত্যুক সাৱটি লৈছে।

বিগত ২৪ ঘণ্টাত ৫৬ গৰাকী লোকে মৃত্যুক সাৱটি লৈছে।

কোভিডৰ পৰা মুক্ত হোৱা লোকৰ শতাংশ হাৰ হৈছে ৯৮.৭৬ শতাংশ।