NORTHEAST NOW (Assamese)
দেশ

ক্ষমা খুজিলে অক্ষয় কুমাৰে: পুনৰ গুটখাৰ প্ৰচাৰত ভাগ নোলোৱাৰ প্ৰতিশ্ৰুতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2022 5:45 pm
Akshay Kumar

অৱশেষত ক্ষমা খুজিলে অক্ষয় কুমাৰে। ক’লে- মই দুখীত। আগলৈ এনেকুৱা কাম নকৰো। কিন্তু কিয় এই দশা হ’ল বলিউডৰ জনপ্ৰিয় তাৰকাজনৰ?

শেহতীয়াকৈ গুটখা ব্ৰেণ্ড বিমল ইলাইচীৰ এটা বিজ্ঞাপন ব্যাপক চৰ্চাত আছে। অতি ব্যয়বহুল বিজ্ঞাপনটোত বলিউডৰ তিনিজন মহাতাৰকা শ্বাহৰুখ খান, অজয় দেৱগন আৰু অক্ষয় কুমাৰে অংশ লৈছে। তাৰপাছতে অক্ষয় কুমাৰৰ অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হয়।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে অভিনেতাজনে স্বাস্থ্যৰ হানি কৰিব পৰা কোনো গুটখা ব্ৰেণ্ডৰ বিজ্ঞাপনত অংশ নোলোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

কুমাৰে কৈছিল যে এখন সুস্বাস্থ্যৰে ভৰা ভাৰত গঢ়িবলৈ হ’লে ধপাতজাতীয় সামগ্ৰী বৰ্জন কৰিবই লাগিব। কিন্তু এই প্ৰতিশ্ৰুতি পাহৰি গ’ল খিলাড়ী কুমাৰে।

শেহতীয়াকৈ অক্ষয় কুমাৰৰ এই বিজ্ঞাপনৰ ভিডিঅ’টোত প্ৰকাশ পোৱাৰ পাছতে অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই বিৰূপ প্ৰতিক্ৰিয়াৰ ওচৰত সেও মানি অক্ষয় কুমাৰে এটা টুইটত লিখিছে যে এই প্ৰতিক্ৰিয়াসমূহে তেওঁক ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য কৰিছে।

ভৱিষ্যতে এনেধৰণৰ বিজ্ঞাপনত অংশ নোলোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে অক্ষয় কুমাৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এনেধৰণৰ কথা-কাণ্ডৰ বাবে ট্ৰ’ল খাই আহিছে অক্ষয় কুমাৰে। ভাৰতীয় নাগৰিকত্ব এৰি কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা অভিনেতাজনে মোদী চৰকাৰৰ স’তেও ঘনিষ্ঠ সম্পৰ্ক ৰাখি আহিছে।

আনকি ২০১৪ চনৰ পূৰ্বতে তথা মনমোহন সিং চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিক লৈ তীব্ৰ সোচ্চাৰ হৈ পৰিছিল তেওঁ। চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমযোগে প’ষ্ট কৰিছিল কেইবাটাও প্ৰতিবাদী মন্তব্য।

কিন্তু একেজন অক্ষয় কুমাৰেই মোদী চৰকাৰৰ দিনত হোৱা ব্যাপক মূল্যবৃদ্ধি লৈ মৌন হৈ আছে। সেইবাবেও তেওঁ সামাজিক মাধ্যমত মাজে-মধ্যে ট্ৰ’লৰ সন্মুখীন হৈ আহিছে।