NORTHEAST NOW (Assamese)
অসম

আম আদমী পাৰ্টীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে বিজেপিয়ে, কিয়?

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী April 22, 2022 4:26 pm

আম আদমী পাৰ্টীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে বিজেপিৰ ।

দিছপুৰ থানাত আম আদমী পাৰ্টীৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰিলে বিজেপিৰ সামাজিক মাধ্যম কোষে।

আম আদমী পাৰ্টীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ তুলি বিজেপিয়ে এই গোচৰ দিছে।

উল্লেখযোগ্য যে, যোৱা ২০ এপ্ৰিলৰ বিয়লি ৪:৩০ বজালৈকে নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা আছিল।

কিন্তু সেই সময় উকলি যোৱাৰ পাছতো আম আদমী পাৰ্টী অসম পেজৰ পৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীক ভোট দিবলৈ আহ্বান জনোৱা হৈছিল বুলি বিজেপিয়ে অভিযোগ কৰিছে।

তাত অৰবিন্দ কেজৰিৱাৰ ফটো সংলগ্ন আছিল আৰু কথাখিনিত গুৱাহাটীৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত আম আদমী পাৰ্টীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছিল।

আম আদমী পাৰ্টীৰ বিৰুদ্ধে আইনৰ গণ্ডীৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় বিজেপিৰ সামাজিক মাধ্যম কোষৰ আহ্বায়ক পলাশ লাহনে।