NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মাস্কলৈ টুইটাৰ: চাকৰি হেৰুৱালেই ৪২ নিযুত ডলাৰ লাভ কৰিব পৰাগ আগৰৱালে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2022 3:51 pm
Parag Agrawal

সোমবাৰে বিশ্বৰ সবাতোকৈ ধনৱন্ত ব্যক্তি তথা পুঁজিপতি এলন মাস্কে ৪৪ বিলিয়ন ডলাৰ মূল্যত জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰ ক্ৰয় কৰে।

মাস্কৰ টুইটাৰ ক্ৰয়ৰ পাছতে টুইটাৰৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা প্ৰতিষ্ঠানটোত এই দায়িত্বত থাকিবনে এই লৈ চৰ্চা আৰম্ভ হৈছে।

এনে সময়তে গৱেষণা প্ৰতিষ্ঠান ইকুইলাৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদন মতে, টুইটাৰৰ মালিকীস্বত্ব সলনি হোৱাৰ এবছৰৰ ভিতৰত মুখ্য কাৰ্যবাহী পদৰ পৰা পৰাগ আগৰৱাল পদচ্যুত হ’লে আনুমানিক ৪২ নিযুত ডলাৰ লাভ কৰিব।

উল্লেখ্য যে যোৱা ১৪ এপ্ৰিলত চিকিউৰিটি ফাইলিঙত এলন মাস্কে টুইটাৰৰ পৰিচালনাৰ ওপৰত তেওঁৰ আস্থা নাই বুলি মন্তব্য কৰিছিল।

এতিয়া মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছত পৰাগ আগৰৱালৰ পদবীৰ স্থায়ীত্বৰ বিষয়ে বিশেষভাৱে চৰ্চিত হৈছে।

অৱশ্যে টুইটাৰৰ এজন শীৰ্ষ প্ৰতিনিধিয়ে ইকুইলাৰৰ এই প্ৰতিবেদন সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে।

পূৰ্বতে টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা আগৰৱালক যোৱা বৰ্ষৰ নৱেম্বৰত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মনোনীত কৰা হৈছিল।