NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টিৰ প্ৰতিবাদ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 28, 2022 1:57 pm

বৃহস্পতিবাৰে গণেশগুৰিত থকা পেট্ৰল পাম্পৰ সন্মুখত আম আদমি পাৰ্টিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত এক দৃঢ় প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে আপৰ এই প্ৰতিবাদী কাৰ্যসূচী।

ইন্ধন, গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰে।

হাতত চিলিণ্ডাৰ উঠাই লৈ প্ৰতিবাদস্থলীতে তেওঁলোকে এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীৰে সৈতে প্ৰতিবাদকাৰীৰ হতাহতিৰো সৃষ্টি হয়।

প্ৰতিবাদত লিপ্ত হোৱা সকলক আৰক্ষীয়ে আটক কৰি বশিষ্ঠ থানালৈ লৈ যায়। আন্দোলনকাৰী সকলক আটক কৰি জোৰ জবৰদস্তি চোঁচোৰাই বগৰাই বাছত তুলি লৈ যোৱাৰ সময়ত, তেওঁলোকে ’পেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই’, ’ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই’ আদি  শ্লোগান দিয়া দেখা গৈছিল৷