NORTHEAST NOW (Assamese)
অসম

প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2022 8:28 am
প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড

আগতেই প্ৰৱঞ্চনাৰ অভিযোগ উঠিছিল। এইবাৰ সেই অভিযোগৰ ভিত্তিতে আদালতে আঢ়ৈ বছৰৰ কাৰাদণ্ড বিহিলে কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক। ৫৪বছৰীয়া বেকাৰক ঋণ পৰিশোধ নকৰা, সম্পত্তি গোপন কৰা আৰু কৰ ফাঁকি দিয়াৰ অভিযোগত দোষী সাৱ্যস্ত কৰা হৈছে।

২০১৭চনত বৰিছ বেকাৰে নিজকে দেউলীয়া ঘোষণা কৰিছিল। কিন্তু শুকুৰবাৰে আদালতে এই আইনৰ অধীনত চাৰিটা অভিযোগত তেওঁক দোষী সাৱ্যস্ত কৰে।

নিজকে দেউলীয়া ঘোষণা কৰাৰ সময়ত বৰিছ বেকাৰে নিজৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ সম্পূৰ্ণ তালিকা দিয়া নাছিল।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ মহিলা সাংবাদিক

বৰিছ বেকাৰৰ বিৰুদ্ধে আদালতত এই বিষয়কলৈ গোচৰ ৰুজু হোৱাৰ পিছত তদন্তত তেওঁৰ ফাঁকি ওলাই পৰে। তেওঁ ১৯৮৫ আৰু ১৯৮৯চনত উইম্বলডন, ১৯৯১ আৰু ১৯৯৬চনত অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন আৰু ১৯৯২চনত অলিম্পিকত স্বৰ্ণ জয়ৰ কথাও জনোৱা নাছিল।

বৰিছে আনকি নিজৰ মাৰ্চিডিজ বিক্ৰী কৰি পোৱা ১.৩ মিলিয়ন ইউৰোৰ কথাও লুকুৱাইছিল। জাৰ্মানীত থকা দুটা সম্পত্তিৰ লগতে প্ৰায় চাৰে আঠ লাখ ইউৰোৰ বেংক ঋণৰ কথাও জনোৱা নাছিল বেকাৰে।

বৰিছৰ গোচৰৰ বিচাৰক ডেবোৰা টেইলৰে কয় যে এই ঘটনাৰ বাবে বৰিছে কোনো অনুশোচনা দেখুওৱা নাই। আনকি বৰিছে তেওঁৰ অপৰাধো স্বীকাৰ কৰা নাই। বিচাৰকসকলে বৰিছে সম্পত্তি গোপন কৰাৰ বাবে দোষী সাৱ্যস্ত কৰিছে। সম্পত্তিৰ সম্পূৰ্ণ তথ্য দাঙি ধৰাত ব্যৰ্থ হৈছে বেকাৰ। ঋণ লুকুওৱাৰ বাবে দোষী সাৱ্যস্ত হৈছে বৰিছ।

লগতে পঢ়ক: ১৫ লাখ টকাৰ টোপ! কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ ১০০ কোটি টকাৰ মানহানি গোচৰ

শুকুৰবাৰে বৰিছ বেকাৰে তেওঁৰ বান্ধৱী লিলিয়ান ডে কাৰ্ভালহো মন্টেৰিঅ’ৰ সৈতে লণ্ডনৰ ছাউথওৱাৰ্ক ক্ৰাউন আদালতত উপস্থিত হয়। বিচাৰকে বেকাৰৰ শাস্তি ঘোষণা কৰি আঢ়ৈ বছৰৰ কাৰাদণ্ড বিহে।