NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইৰ জিৰা খাৰদাং অঞ্চলত ধুমুহাৰ তাণ্ডৱ,উৰুৱাই নিলে বহু ঘৰৰ চাল

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই May 1, 2022 3:23 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত জিৰা অঞ্চলৰ লগতে অসম মেঘালয় সীমান্তবৰ্তী কেবাখনো গাঁৱৰ ওপৰেৰে  পাৰ হৈ গ’ল এক বিধ্বংসী ধুমুহা ।

এই প্ৰবলবেগী ধুমুহা শিলাবৃষ্টিয়ে জিৰা, জিৰা টিৰাং , বামুণে পানীখোৱা,খাৰদাং,চড়কপাৰা আদি গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে ।

গধুৰ শিলাবৃষ্টিৰ ফলত শ শ পৰিয়ালৰ ঘৰৰ চালৰ টিনপাত চালনিৰ দৰে হৈ পৰাৰ বিপৰীতে বহু ঘৰৰ চাল উৰুৱাই নিয়ে তীব্ৰবেগী ধুমুহা বতাহে। ধুমুহা বতাহে জিৰা টিৰাং হাইস্কুল খনৰো বিস্তৰ ক্ষতিসাধন কৰে।

বতাহে বিদ্যালয় গৃহৰ চাল উৰুৱাই নিয়াৰ ফলত শিক্ষানুষ্ঠান খনৰ কম্পিউটাৰ,নথি পত্ৰ আদিৰ যথেষ্ট ক্ষতি হোৱ বুলি জানিব পৰা গৈছে।

  ধুমুহাৰ ফলত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে।

শেহতীয়া বাতৰি অনুসৰি, ধুমুহা বতাহত ক্ষতিগ্ৰস্ত সকলৰ কাষত ইতিমধ্যে ৰাভা ছাত্ৰ সন্থা , ষষ্ঠ অনুসুচী দাবী সমিতি, ৰাভা মহিলা পৰিষদৰ কৰ্মকৰ্তা সকল উপস্থিত হৈ দুৰ্গত সকলৰ দুখৰ সমভাগী হোৱাৰ লগতে চৰকাৰৰ ওচৰত সাহায্যৰ বাবে দাবী জনাইছে।