NORTHEAST NOW (Assamese)
অসম

“কাৰ হাতৰ ঠাঁৰত কাম কৰিছে অসম আৰক্ষীয়ে”: অসম আৰক্ষীলৈ প্ৰশ্ন জিগনেশ মেৱানীৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী May 2, 2022 5:26 pm
Jignesh Mevani questions Assam police

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা এটা টুইটৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীয়ে জামিন লাভ কৰাৰ পাছতেই আজি নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত অসম আৰক্ষীৰ লগতে অসম চৰকাৰক তুলা-ধুনা দিয়ে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত বিধায়কজনে।

প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়তে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল বুলি পুনৰ দোহাৰে জিগনেশ মেৱানীয়ে।

সংবাদ মেলত মেৱানীয়ে অসম আৰক্ষীয়ে কাৰোবাৰ তলতীয়া হিচাপে কাম কৰি আছে বুলি মন্তব্য কৰে।

লগতে মহিলা আৰক্ষী বিষয়াৰ ওপৰত দুৰ্ব্যৱহাৰৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে দিয়া গোচৰো প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ত ষড়যন্ত্ৰমূলক ভাৱে ৰচনা কৰা হৈছিল বুলি মেৱানীয়ে উল্লেখ কৰে।

সংবাদমেলত মেৱানীয়ে কয়, “গুজৰাটত ৮ ৰ পৰা ১০ বছৰ ধৰি ২২টা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ লগতে কোটি কোটি টকাৰ ড্ৰাগছ গুজৰাটৰ মুন্দ্ৰা পৰ্টত পোৱা গৈছিল, যাৰ তদন্ত কিন্তু আজিলৈকে হোৱা দেখা পোৱা ন’গল।”

অসম আৰক্ষীয়ে কৰা এই কাণ্ডত গুজৰাটৰ গৰিমা তথা সন্মান হানি হৈছে আৰু এই ক্ষেত্ৰত গুজৰাট চৰকাৰে লাজ পোৱা উচিত বুলিও মেৱানীয়ে উল্লেখ কৰে।