NORTHEAST NOW (Assamese)
অসম

সঘনে চৰিত্ৰ সলনি কৰিছে ক’ৰ’না ভাইৰাছে,নতুন প্ৰজাতিৰ সংহাৰৰ আশংকা বিজ্ঞানীৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 5, 2022 6:40 am
test-covid-

সময়ৰ পৰিৱৰ্তনৰ লগে লগে সঘনে চৰিত্ৰ সলনি কৰিছে ক’ৰ’না ভাইৰাছে। এতিয়া ক’ৰ’নাৰ নতুন নতুন প্ৰজাতিয়ে বিশ্বৰ বিজ্ঞানীসকলক চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে।

এটা নতুন প্ৰজাতিৰ ক’ৰনা ভাইৰাছে বিশ্বত সংহাৰ চলাব পাৰে বুলি ইংগিত দিছে বিশ্বৰ একাংশ বিজ্ঞানীয়ে।

বিজ্ঞানীসকলে কোৱা মতে গ্ৰীষ্মকালত ডেল্টাৰ আন এটা প্ৰজাতিৰ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে।

ইজৰাইলত শেহতীয়াকৈ চলোৱা এক সমীক্ষাৰ পৰা এই কথা পোহৰলৈ আহিছে।যোৱা সপ্তাহত ছাইন্স অফ দ্য টোটেল এনভায়ৰনমেণ্ট আলোচনীত প্ৰকাশিত এক গৱেষণাধৰ্মী লেখাত এই আশংকাৰ কথা প্ৰকাশ কৰা হৈছে।

বেন-গুৰিয়ন বিশ্ববিদ্যালয় অফ দ্য নেগেভ (বিজিইউ)ৰ গৱেষকসকলে কোভিডৰ নতুন প্ৰজাতিৰ বিষয়ে গৱেষণা চলাই নতুন প্ৰকাৰৰ ক’ৰ’না ভাইৰাছ বিধৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে।

বিজ্ঞানীসকলে ২০২১ চনৰ ডিচেম্বেৰ মাহৰ পৰা ২০২২ চনৰ জানুৱাৰী মাহলৈকে ইজৰাইলৰ বিয়েৰ-শ্বেভা চহৰত নৰ্দমাৰ পানী পৰীক্ষা কৰি কোভিডৰ এই নতুন প্ৰজাতিটোৰ বিষয়ে জানিবলৈ সক্ষম হৈছে।

বিজিইউৰ অধ্যাপক এৰিয়েল কুশমাৰোৱে এই প্ৰসংগত কয় যে কোভিজডৰ এই নতুন প্ৰজাতিটোৱে বিশ্ববাসীৰবাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।