NORTHEAST NOW (Assamese)
অসম

চীনত ভয়ংকৰ বিমান দুৰ্ঘটনা: ৰানৱেৰ পৰা পিছলি দপদপাই জ্বলিল বিমান,ভিডিঅ’

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 12, 2022 12:01 pm

চীনত ঘটিছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা।

আজি পুৱা চীনৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত চহৰ চংকিংত ৰাণৱেৰ পৰা পিছলি বাহিৰলৈ ওলাই যোৱা তিব্বত এয়াৰলাইনছৰ এখন বিমানত জুই লাগে।

তিব্বত এয়াৰলাইনছৰ এয়াৰবাছ এ ৩১৯ বিমান খনে যাত্ৰী তিব্বতৰ চংকিং বিমানবন্দৰৰ নিংচিৰ অভিমুখে উৰা মাৰিবলৈ লোৱাৰ সময়তে বিমান খন ৰাণৱেৰ পৰা পিছলি পৰে।

বিমান খনত ১১৩ গৰাকী যাত্ৰী আৰু ৯ গৰাকী বিমান কৰ্মী আছিল। ৰাণৱেৰ বাহিৰলৈ ওলাই যোৱাৰ পিছতে বিমান খনত জুই লাগে।

বিমান বন্দৰ কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি অগ্নিদগ্ধ বিমান খনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে যদিও ৪০ গৰাকী যাত্ৰী অতি গুৰুতৰ ভাবে অগ্নিদগ্ধ হয়।

তেওঁলোকক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।