NORTHEAST NOW (Assamese)
অসম

ভাল খৱৰ: অসমীয়া ভাষালৈ গুগলৰ ঐতিহাসিক স্বীকৃতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2022 5:01 pm

‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ বাবে আজি এটা গৌৰৱময় দিন। সততে মাতৃভাষাৰ সংকটক লৈ চৰ্চা চলি থকাৰ মাজতে গুগলে দিলে এক ঐতিহাসিক স্বীকৃতি।

বুধবাৰে গুগলে ঘোষণা কৰে যে গুগল ট্ৰেন্সলেটত অসমীয়া ভাষাক অন্তৰ্ভূক্ত কৰা হ’ব। অসমীয়াৰ লগতে উত্তৰ পূব ভাৰতৰ মিজো আৰু মেইটেই ভাষাইও এই স্বীকৃতি লাভ কৰিছে।

গুগলৰ কাৰ্যালয়ে জনোৱা মতে, শেহতীয়াকৈ গুগল ট্ৰেন্সলেটত মুঠ ২৪ টা নতুন ভাষা অন্তৰ্ভূক্ত কৰা হৈছে।

অসমীয়া, সংস্কৃত, ভোজপুৰীকে ধৰি সাতটা ভাৰতীয় ভাষাই ইয়াত স্থান লাভ কৰিছে। নতুনকৈ সাতটা ভাষা অন্তৰ্ভূক্ত কৰাৰ পাছত বৰ্তমানলৈকে গুগল ট্ৰেন্সলেটত থকা ভাৰতীয় ভাষা হলগৈ ১৯টা।

উল্লেখযোগ্য যে গুগল ট্ৰেন্সলেটত অসমীয়া ভাষা অন্তৰ্ভূক্ত কৰাৰ বিষয়টো কেইবাবছৰ ধৰি চলি আহিছিল। অৱশেষত অসমীয়া ভাষাই এনেদৰে স্বীকৃতি লাভ কৰাত অসমবাসী গৌৰৱান্বিত হৈ পৰিছে।