NORTHEAST NOW (Assamese)
Popular Stories

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2022 1:07 pm

প্ৰসাদ ল’বলৈ  ল’ৰাঢপৰা কৰা সময়তে পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত হোৱাৰ ঘটনা ঘটিছে মধ্যপ্ৰদেশত। দেওবাৰে মধ্য প্ৰদেশৰ সাগৰত ঘটা এই ঘটনাকলৈ স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে এতিয়া আহত সকলোৰে শাৰীৰিক অৱস্থা সুস্থ বুলি জানিব পৰা গৈছে।

দেওবাৰে মধ্য প্ৰদেশৰ সাগৰত ‘ৰামকথা’ৰ আয়োজন কৰা হৈছিল। তাত কমেও ২৫,০০০ ভক্তই ইয়াত অংশগ্ৰহণ কৰিছিল। ‘ৰামকথা’ৰ সমাপ্তিৰ পিছত নাৰিকল প্ৰসাদ বিতৰণ কৰা হয়। ইয়াক ল’বলৈ ভক্তসকলৰ মাজত ল’ৰাঢপৰা লাগে।

প্ৰসাদৰ ল’বৰ বাবে ভক্তসকলৰ মাজত খুন্দিয়াখুন্দি আৰম্ভ হয়। কিছুমানে চম্ভালিব নোৱাৰি তলত পৰি যায়। ইয়াৰ ফলত পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয় লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক যাবলৈ দিয়া হয়।

আকাশ ৰাজপুত নামৰ এজন স্থানীয় স্বেচ্ছাসেৱকে কয় যে আয়োজনত কোনো কোনো ত্ৰুটি নাছিল যদিও প্ৰসাদ লোৱাৰ সময়ত কিছুমান ভক্তই হঠাতে বেষ্টনি ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা চলায়। সেই সময়তে হঠাতে ঠেলাহেঁচা আৰম্ভ হয়। কিছুমান তলত পৰি যায়। তেওঁলোক পদপিষ্ট হয়।

স্থানীয় উপ-মণ্ডলিক দণ্ডাধীশ শৈলেন্দ্ৰ সিঙে কয়, “মই দুৰ্ঘটনাটোৰ বিষয়ে শুনিছো। প্ৰসাদৰ নাৰিকল বিতৰণৰ সময়তে ঘটনাটো ঘটে। দেওবাৰে আবেলি ৪ বজালৈকে প্ৰায় ১৭ জন লোক পদপিষ্ট হৈছিল। সকলোৰে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।”