NORTHEAST NOW (Assamese)
অসম

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো May 16, 2022 7:00 pm

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

এতিয়ালৈকে বানৰ কৱলত পৰি ৩ জন লোকৰ মৃত্যু ঘটিছে। হাজো অঞ্চলতো বানৰ তাণ্ডৱ আৰম্ভ হৈছে।

হাজোৰ ভৈৰাটোলাত বৰলীয়া নৈয়ে কালৰূপ ধাৰণা কৰা পৰিলক্ষিত হৈছে।

আজি বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং। দলংখনে সংযোগ কৰিছিল হাজো আৰু বৰক্ষেত্ৰী সমষ্টিক।

দলংখন উটুৱাই নিয়াৰ ফলত এতিয়া বৰক্ষেত্ৰী আৰু হাজো সমষ্টিৰ ভৈৰাটোলা-দিহিনা-একাদি-বৰগাছা, শিমলুৱা আদি বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে।