NORTHEAST NOW (Assamese)
দেশ

শ্বীনা বৰা হত্যাকাণ্ড : মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2022 2:23 pm
Indrani Mukerjea granted bail

শ্বীনা বৰা হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক আজি উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কয় যে শ্বীনা বৰা হত্যাকাণ্ড গোচৰৰ বিচাৰ সোনকালেই সম্পূৰ্ণ কৰা সম্ভৱ নহ’ব।

বিচাৰপীঠে জামিন মঞ্জুৰ কৰাৰ সময়ত কয়, “আবেদনকাৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হ’ল যে তেওঁ পিটাৰ মুখাৰ্জী আৰু তেওঁৰ আগৰ পত্নীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে তেওঁৰ জীৰ লিভ-ইন সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি হত্যাৰ পৰিকল্পনা কৰিছিল।”

“আমি গোচৰটোৰ গুণাগুণৰ ওপৰত কোনো মন্তব্য কৰা নাই। আনকি যদি ৫০ শতাংশও সাক্ষীক গোচৰৰ সাক্ষ লোৱা হয়, তেতিয়াও সোনকালে বিচাৰ শেষ নহ’ব। বিচাৰ আদালতৰ সন্তুষ্টি সাপেক্ষে মুখাৰ্জীক জামিনত মুক্তি দিয়া হ’ব। পিটাৰ মুখাৰ্জীৰ ওপৰত আৰোপ কৰা একেই চৰ্ত মুখাৰ্জীৰ ওপৰত আৰোপ কৰা হ’ব।”— ন্যায়াধীশ বি আৰ গাভাই আৰু এ এছ বোপান্নাক লৈ গঠিত বিচাৰপীঠে কয়।

উল্লেখ্য যে ২০১৫ চনৰ আগষ্টত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ইন্দ্ৰাণী মুখাৰ্জীক মুম্বাইৰ বাইকুল্লা মহিলা কাৰাগাৰত ৰখা হৈছে।

হত্যাৰ গোচৰৰ বিচাৰ চলাই থকা চিবিআইৰ এখন বিশেষ আদালতে কেইবাবাৰো মুখাৰ্জীৰ জামিন প্ৰত্যাখ্যান কৰিছিল।

২০১২ চনৰ এপ্ৰিলত ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ তেতিয়াৰ গাড়ীচালক শ্যামবৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাই ২৪ বছৰীয়া শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

প্ৰাক্তন মিডিয়া বেৰন পিটাৰ মুখাৰ্জীকো ষড়যন্ত্ৰৰ অংশ হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২০ চনৰ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।