NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 18, 2022 3:51 pm

আৰক্ষীৰ সৈতে বাতৰি সংগ্ৰহৰ সময়তে কথা কটা-কটি হোৱাৰ পিছতে ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্য খনৰ এগৰাকী ভিডিঅ’ সাংবাদিকক ।

গুৱাহাটীৰ এটা ছেটেলাইট টেলিভিছন চেনেলৰ সাংবাদিক নিতাই দেক মঙলবাৰে সন্ধিয়া ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলাত গ্ৰেপ্তাৰ কৰে৷

জানিব পৰা মতে ত্ৰিপুৰা চৰকাৰে ইন্ধন বিক্ৰীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা সম্পৰ্কীয় বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত নিতাই দেৰ সৈতে আৰক্ষীৰ বিবাদ হয়।

ইয়াৰ পিছতে আৰক্ষীয়ে ভিডিঅ’ সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি পূব আগৰতলা আৰক্ষীলৈ লৈ যায়।

আৰক্ষীয়ে ভিডিঅ’ সাংবাদিক নিতাই দেৰ বিৰুদ্ধে আৰোপ কৰা ধাৰা জামিনযোগ্য ধাৰা বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰৰ পিছতে সাংবাদিকগৰাকীক এখন স্থানীয় আদালতত হাজিৰ কৰোৱা হয়।

ইপিনে সাংবাদিক নিতাই দেক আক্ৰোশমূলক ভাবে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ কৰি আগৰতলাত আজি বহু সাংবাদিক তথা সাংবাদিকৰ সংস্থাই তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।

ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰতো বহু সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

প্ৰতিবাদকাৰীসকলে পূব আগৰতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বন কৰাৰ দাবী উত্থাপন কৰিছে।