NORTHEAST NOW (Assamese)
অসম

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক May 19, 2022 12:58 pm

সামাজিক মাধ্যমত বিদ্ৰোহী কবিতা লিখি অসাংবিধানিক কাম-কাজক উৎসাহিত কৰাৰ অভিযোগত উৰিয়ামঘাটত গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী ।

প্ৰাপ্ত অভিযোগ মতে যোৰহাটৰ টীয়ক কাৱৈমাৰী গাঁৱৰ প্ৰতিভাৱান ছাত্ৰী বৰষাশ্ৰী বুঢাগোঁহাইয়ে সামাজিক মাধ্যমত বিপ্লৱী কবিতা লিখি কিছুদিনৰ পৰা বিদ্ৰোহী কাম-কাজক উৎসাহিত কৰি অহাৰ অভিযোগ উঠিছিল।

যোৰহাট ডিচিবি মহাবিদ্যালয়ত বিএচ চি দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা ছাত্ৰী গৰাকীৰ শেহতীয়া কামকাজত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখি থকাৰ মাজতে অতি শেহতীয়াকৈ সামাজিক মাধ্যমত লিখা এটা বিদ্ৰোহী লেখাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

জানিব পৰা মতে প্ৰথম পৰ্য্যায়ত ছাত্ৰী গৰাকীক আৰক্ষীয়ে বুজাই বঢ়াই এনে বেআইনী কামকাজৰ পৰা আঁতৰি থাকিবলৈ ছাত্ৰী গৰাকীক সকীয়াই দিছিল যদিও ছাত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত বিদ্ৰোহী লেখা-মেলা প্ৰকাশ কৰি গৈছিল ।

প্ৰাপ্ত অভিযোগ মতে শেহতীয়াকৈ যি সময়ত নহওঁক বহু যুৱক- যুৱতীয়ে বিদ্ৰোহী সংগঠন আলফাত যোগান কৰাৰ ঘটনাই চৰকাৰ আৰু প্ৰশাসনৰ মূৰ কামোৰণিৰ সৃষ্টি কৰিছে সেই সময়ত ছাত্ৰী গৰাকীৰ লেখা সমূহে নবীন চামক উৎসাহিত কৰিব পৰাৰ আশংকাত আৰক্ষীয়ে বৰষাশ্ৰী নামৰ ছাত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ যে যোৱা ৭ বহাগৰ দিনা উৰিয়ামঘাট ডিমৰুজানৰ পদ্ম গগৈ নামৰ এজন যুৱকে নিষিদ্ধ ঘোষিত আলফাত যোগদান কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে সময়তে ছাত্ৰী গৰাকী উৰিয়ামঘাটৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ আহি গ্ৰেপ্তাৰ হয়।

এই সন্দৰ্ভত বেআইনী কাম-কাজত জড়িত থকাৰ অভিযোগ আনি উৰিয়ামঘাট আৰক্ষী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ তৰা ২০ /২২ নং গোচৰত ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে |