NORTHEAST NOW (Assamese)
অসম

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ May 21, 2022 4:42 pm

আজিৰে পৰা বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক পূৰ্ণাংগ পৰ্যায়ত তথা জিলা ন্যায়িক আদালত হিচাপে উন্নীত কৰণ কৰা হ’ল ।

আজি বিশ্বনাথৰ আদালত চৌহদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰে শুভ উদ্ধোধন কৰি নতুন উন্নীতকৰণ কৰে এই আদালতৰ ।

ইয়াৰ এই শুভ উদ্বোধনী অনুষ্ঠানত সহযোগ কৰে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ূষ হাজৰিকাই। এই শুভ উদ্বোধনী অনুষ্ঠানত লগতে উপস্থিত থাকে শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সত্ৰ ভূষণ গগৈ, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ কুমাৰ ঙাটে, তেজপুৰ অধিবক্তা সন্থাৰ সভাপতি যামিনী বৈশ্য, বিশ্বনাথ অধিবক্তা সন্থাৰ সভাপতি আৰু জিলাখনৰ আৰক্ষী অধীক্ষক আদি উপস্থিত থাকে এই শুভ উদ্বোধনী অনুষ্ঠানত।

আদালতৰ চৌহদত নতুন কৈ নিৰ্মাণ কৰা ই-সেৱা কেন্দ্ৰ এটাও উদ্বোধন কৰে ন্যায়াধীশ গৰাকীয়ে ।