NORTHEAST NOW (Assamese)
অসম

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ May 22, 2022 3:27 pm

আৰক্ষীয়ে আটক কৰা এজন লোকৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হোৱাৰ ঘটনাৰ পিছতে উত্তেজিত একাংশ লোকে বটদ্ৰৱা থানা জ্বলাই দিয়াৰ চাঞ্চল্য আজিও অব্যাহত আছে।

এনে সময়তে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুলৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। থানা আক্ৰমণৰ ঘটনাটোৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন কৰা হ’ব বুলিও সিঙে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে ছফিকুলৰ পোষ্টমোৰ্টেম ৰিপৰ্ট আৰু ফৰেনছিক ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

https://www.facebook.com/kalpajyoti.saikia.946/videos/530160928570607

ঘটনাৰ ভিডি’অ ফুটেজৰ দ্বাৰা দোষীক বিচাৰি উলিওৱা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। ইতিমধ্যে থানা আক্ৰমণৰ ঘটনাত জৰিত বহু কেইজন লোকক গ্ৰেপ্তাৰ আৰু আটক কৰা হৈছে।

থানা আক্ৰমণত আগভাগ লোৱাৰ অভিযোগত নগাঁও সদৰ আৰক্ষী থানাত বটদ্ৰৱাৰ কাণ্ডৰ সৈতে জড়িত ১৫ গৰাকী মহিলাক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

বাহনত অগ্নিসংযোগৰ পূৰ্বে  তেল ঢালি দিয়া  অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকীৰ ভাষ্যও গ্ৰহণ কৰা হৈছে।

আক্ৰমণকাৰীসকলৰ সৈতে ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ কিবা যোগাযোগ আছে নেকি সেয়া পৰীক্ষা কৰি চাবলৈও জি পি সিঙে নগাঁৱৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে।

নষ্ট হোৱা ফাইল, কেছ ডায়েৰি, এহাজাৰ আদি পুনৰুদ্ধাৰ কৰা হ’ব বুলিও সিঙে প্ৰকাশ কৰে।