NORTHEAST NOW (Assamese)
অসম

কাইলৈৰ পৰা ঐতিহাসিক কুঁজি সত্ৰৰ প্ৰতিষ্ঠা দিৱস

Posted by: এন ই নাও নিউজ April 17, 2018 1:22 pm
Batadrava

অসমীয়া সমাজ জীৱনৰ পুৰোধা ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি দামোদৰদেৱে নগাঁও জিলাৰ ইতিহাস বিজড়িত বৰদোৱাৰ কিছু নিলগত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ ৩৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৮ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বিস্তৃত ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে৷

আয়োজকসকলে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, গোবিন্দৰ চৰণত ভোগ অৰ্পণ আৰু পানীতোলা অনুষ্ঠানৰ অন্তত বিয়লি ৩ বজাৰ পৰা শ্ৰী শ্ৰী মহা ভাগৱত পাঠ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব ৷

৭ বজাত সত্ৰ প্ৰাংগণত পৰম্পৰাগতভাৱে নাম- কীৰ্তন পৰিৱেশন কৰা হ’ব ৷

আনহাতে প্ৰতিষ্ঠা দিৱসৰ বাকী দিনকেইটাত দিনে-নিশাই অবিৰতভাৱে ভাগৱত পাঠ চলি থকাৰ বিপৰীতে ২১ এপ্ৰিলৰ দিনা ৩৬৮ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে মহাপালনাম মহোৎসৱৰ আৰম্ভনি হৈ পিছদিনা অৰ্থাৎ ২২ এপ্ৰিলৰ পুৱাৰ ভাগত ইয়াৰ সামৰণি পৰাৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা কীৰ্তন মহোৎসৱ অনুষ্ঠিত হ’ব৷

সেয়েহে ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ আটাইকেইটা দিনৰ সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সঁহাৰি কামনা কৰিছে সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামীয়ে ৷