NORTHEAST NOW (Assamese)
দেশ

কেকেৰ মৃত্যুত ৰহস্য! অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কলকাতা আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2022 1:18 pm
KK’s last rites

যোৱা নিশা কলকাতাত সংগীতানুষ্ঠান পৰিৱেশনৰ পিছতে অস্বাভাৱিকভাৱে মৃত্যুক সাবটি লোৱা বলীউডৰ জনপ্ৰিয় গায়ক কেকেৰ মৃত্যু সন্দৰ্ভত কলকাতা আৰক্ষীয়ে এক ‘অপ্ৰাকৃতিক মৃত্যু’ৰ গোচৰ ৰুজু কৰিছে।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক জনোৱা মতে, এই গোচৰ কলকাতাৰ নিউ মাৰ্কেট আৰক্ষী চকীত দাখিল কৰা হৈছে।

উল্লেখ্য যে অনুষ্ঠান পৰিৱেশনৰ বাবে কলকাতালৈ অহাৰ পিছত কেকে থকা পঞ্চতাৰকা যুক্ত হোটেলখন এই আৰক্ষী চকীৰ অধিকাৰক্ষেত্ৰত পৰে।

“আমি কেকেৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছো আৰু নিউ মাৰ্কেট আৰক্ষী থানাত অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। আমি হোটেল কৰ্তৃপক্ষৰ সৈতে কথা পাতিছো আৰু তেওঁক চিকিৎসালয়লৈ নিয়াৰ আগতে কি ঘটিছিল জানিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছো।”- আৰক্ষী বিষয়াজনে লগতে কয়।

উল্লেখ্য যে মঙ্গলবাৰে কলকাতাৰ নজৰুল মঞ্চত এটা সংগীতানুষ্ঠান পৰিৱেশনৰ কেইঘণ্টামান পিছতে কেকেৰ মৃত্যু হৈছিল। হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত গায়ক গৰাকীৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছিল।