NORTHEAST NOW (Assamese)
অসম

২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে ধৰা পৰিল পৌৰ প্ৰশাসনৰ কনিষ্ঠ অভিযন্তা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী June 1, 2022 3:36 pm

২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে ধৰা পৰিল পৌৰ প্ৰশাসনৰ কনিষ্ঠ অভিযন্তা।

দুৰ্নীতি নিবাৰক শাখাই চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় কনিষ্ঠ অভিযন্তা দেবাশীষ দাস।

বুধবাৰে দুপৰীয়াভাগত দিচপুৰস্থিত নগৰ উন্নয়ন বিভাগৰ অসম পৌৰ প্ৰশাসন সঞ্চালকৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাই এক অভিযান চলাই এগৰাকী লোকৰ পৰা ২৫০০০ টকা উৎকোচ লৈ থকাৰ সময়তে হাতে লোটে ধৰা পৰে বিষয়াগৰাকী।

টুইটাৰযোগে এই কথা জনাইছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে।

বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাতে আছে বিষয়াগৰাকী।